পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
অদ্ভুত ৰামায়ণ ৷

পতি পুত্ৰ ছাড়িলন্ত।
পতালত পশিলন্ত॥
বাসুকীক পঠাইলন্ত।
পুত্ৰ দুইক নিয়াইলন্ত॥২৩৯
সিতো দুইক ফুৰি চাই।
সত্যলোক আছে পাই॥
পাছে যত কপি গণ।
ব্ৰহ্মসভা উপসন্ন॥২৪০
হুয়া সঙ্কোচিত গাৱ।
নমিলা বিধিৰ পাৱ॥
কৃতাঞ্জলি নম্ৰ হুই।
বহিলন্ত অধো মুই॥২৪১
ব্ৰহ্মাদেবে বোলে বাক।
শুনা শুনা কপিঝাক॥
কি কাৰ্য্যে আসিলা এথা।
কহিবে নলাগে কথা॥২৪২
লৱ কুশ দুইক চাই।
আসি আছা ইতো ঠাই॥
জানকী আছয় যথা।
লব কুশো আছে তথা॥২৪৩