পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অভুত ৰামায়ণ । শ্ৰীৰামৰ প্ৰসাদত । অসাধ্য কে ব্ৰহ্মাণ্ডত । নক্ষত্ৰ সঞ্চাৰ নয় । বিচাৰি ফুৰন্ত তয় । ২৩৪ ভূলোক ৰ সীমা যত। বিচাবিলা আকাশত । লোকালোক গিৰি পাইল । সবে নিবৰ্ত্তিয়া আইল ॥২৩৫ ভূলোকে পশিলন্ত । তাতো চাহি নপাইলন্ত । স্ব-মহ-জন পাই । বিচাৰিলা ঠাই ঠাই ॥২৩৬ তপলোকে পশিলন্ত । তাতো ভালে চাহিলন্ত । সত্যলোক পাইলা যাই । ব্ৰহ্মাদেৱে অাছে চাই ॥ ২৩৭ হাসিয়া বুলিলা বাক । দেখn ৰtম সেনা বাক । জনক নন্দিনী সতী। ৰাঘবত বিৰকতি ॥২৩