পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
অদ্ভুত ৰামায়ণ ৷

হেন মতে নানা দুঃখ কহিবোঁহোঁ কত।
স্বৰূপ কহিলো মাতৃ তোমাৰ আগত॥
মাতৃ যাৰ নাই তাৰ জীবে লাগে কিক।
জীবে যিটো তাৰ জীবনতো ধিক ধিক॥২১৬

ঝুমুৰি ৷

শুনিলা আমাৰ বাক। .
যত ৰজা প্ৰজা ঝাক॥
সবেও বিস্ময় হুই।
চাহিলন্ত উৰ্দ্ধমুই॥ ২২১
চক্ষুৰ নিমিষ এড়ি।
চাহে সবে ফিৰি ফিৰি॥
কোনে বুলিলেব বাক।
কেহোঁ নলক্ষিলা তাক॥২২২
ব্যাকুলিত ৰঘুপতি।
শোকে বিচলিত মতি॥
কিনো বিপৰীত কাজ।
বোলে সবে সামৰাজ॥২২৩