এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অৰ্ভত ৰামায়ণ ।
১৬৭
অজামিল বিপ্ৰক তাৰিল. সত্য হয়
মোৰ মনে প্রভু তাতে সংশয় আছয় ।
ব্ৰাহ্মণ তযুয়ে পুণ্য বিশেষ সঞ্চিল
সেহি পণ্য হন্তে নাম মুখত আসিল ॥৭ • ১
সমস্তে পাপত তৰি মুকুণ্ডি লাভলা
পতিত পাৱন নাম এতেকে ধৰিলা ।
জন্মে জন্মে আছো ময় মহাপাপ কৰি
এতেকে মুখত মোৰ নাসে ৰাম হৰি ৭•২
তোমাৰ চৰণে আবে পশিলো শৰণ ।
পৰীক্ষিয়ো মোত নাম পতিত পাৱন ।
নকৰি উপেক্ষা মোক দাস বুলি ধৰা ।
দুৰ্ঘোৰ সংসাৰময় দুঃখ দুৰ কৰা ৭৩
তুমি কৃপাময় হৰি জগতে বিখ্যাত ।
এতেকে ভৰসা মই কৰিছো তোমাক।
হে কৃপাময় কৃষ্ণ দয়াময় হৰি
হেন কৃপা কৰা মাগো চৰণত ধৰি ।৭• ৪
অহমি শি মুখে ৰৌক তযু গুণ নাম ।
সজ্জনৰ সঙ্গ নচাৰোক অগ্ৰিম ।
এহি মানে সাধো নমাগোহেঁ আন কাম।
কহে ৰঘুনাথে সবেবোলা ৰাম ৰাম 1.0 ৫। ।