পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
অদ্ভুত ৰামায়ণ।

ব্যাস বাল্মীকিও বুঝি কথাৰ প্ৰসঙ্গ।
ঠাই ঠাই কাব্যৰস দেন্ত কৰি ৰঙ্গ॥
যদি নিন্দা বোলা তাত মোৰ নাহি ৰুট।
নিন্দা বুলি তুমি সব হৰা মাত্ৰ তুষ্ট॥ ৬৯৬
তোমাসাৰ স্বাৰ্থহানি মোৰ পাপ নষ্ট।
ইহাক নজানে যিতো সিসে পাৱে কষ্ট॥
অযত্নত যদি বা স্বাৰ্থৰ সিদ্ধি হয়।
তাতে দুৰিতৰ যদি মিলয় প্ৰলয়॥ ৬৯৭
তাত নিন্দা বুলি কোম ক্ৰুৰ মন্দমতি।
উপকাৰ নজানিয়া যাইবে অধোগতি॥
ইকথ চাড়িলো আৰ শুনা বুদ্ধ লোক।
মহামূঢ় জানি দোষ ক্ষমিবাহা মোক॥ ৬৯৮
কৃষ্ণৰ কিঙ্কৰ বড়ভক্ত বংশে জাত।
অল্লমতি ৰঘুনাথ নামত বিখ্যাত॥
অদ্ভুত কাণ্ডৰ কথা অতি মনোহৰ।
তাৰ পদ নি তুষ্ট হোৱা নিৰন্তৰ॥ ৬৯৯
নমো নমো ৰাম ভকতৰ ভয় হৰ।
ইবাৰ কৰুণাময় ভব দুৰ কৰ॥
শুনি আছো তযু নাম পতিত পাৱন
তাৰিবা বুলিয়া মঁয়ো পশিলো শৰণ॥ ৭০০