পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
অদ্ভুত ৰামায়ণ ।


মোহোৰ সত্যৰ আজি দেখাওঁ প্ৰমাণ।
ঝাণ্ট কৰি মাতা মাক দিয়ো সমিধান॥
গোসাঁ‌নী বুলিল শুন পবন তনয়।
ভালে শ্ৰী ৰামৰ পদ সেৰি আছ তয়॥ ৬৬১
প্ৰাণকো উৎসৰ্গি চিন্তা যাবৰ হিত।
তোহোৰ সমান ভক্ত নাহি পৃথিবীত॥
লৱকুশ সমে তুমি অযোধ্যাক যাহা।
সেহিস্থানে সবেও মোহোক দেখিবাহা॥৬৬২
মনত শঙ্কিয়া লৱকুশকো নানিলোঁ‌।
গোসাঁ‌নীৰ সঙ্গে থৈই একলে আসিলোঁ‌॥
মাৰুতি কহিলা কথা প্ৰপঞ্চিয়া যত।
বিস্ময় আনন্দ শুনি সবাৰো মনত॥৬৬৩
সেহি বেলা বাসন্তিক পবন বহিল।
সবাৰো মনত নহা আনন্দ জন্মিল॥
ৰামৰ সভাত দিব্য পুষ্প বৃষ্টি ভৈল।
মন্দ মন্দ পয়োধৰে গাৰ্জিবাক লৈল॥৬৬৪
সভা চাৰি গিড় গিড় শবদ বাজিল
ঠাৎকাৰ শব্দ কৰি ধৰণী ফাটিল॥
ৰত্নময় বিমানেক বঝাইলেক পাছে।
দ্বীতিয় মাৰ্তণ্ড যেন প্ৰকাশন্ত আছে॥৬৬৫