পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
অদ্ভুত ৰামায়ণ


অসংখ্যাত দেবী সব আছে ঠাই ঠাই।
কতে সিদ্ধি পাই কতোঁ সবে নাহি পাই॥
সিথানতো ভালমতে চাৰিয়া চাইলোঁ‌।
একোমতে জানকীৰ বাৰ্ত্তাক নপাইলো॥৬৩১
তলাতল সুতলতো বিচাৰি নপাই।
তাৰ উৰ্দ্ধে বিতলত প্ৰবেশিলোঁ‌ যাই॥
অসংখ্যাত দেবী আছে সবে চতুৰ্ভিতা।
মনত চিন্তিলো এথা আছে দেবী সীতা॥৬৩২
একহি দেবীৰ যাই দ্বাৰত ৰহিলো।
দ্বাৰীৰ আগত মই বহুত কান্দিলো॥
দ্বাৰীয়ে শুধিলে কি কাৰণে কান্দা আই।
মই বোলো মোৰ কথা শুনিয়ো আতাই॥৬৩৩
বৰ সাধিৰাক লাগি আসিছো ইঠাই।
মোৰ সম দুৰ্ভাগিনী কোন স্থানে নাই॥
যৈকে যাওঁ তৈতে লোকে নেদে কেহো দ্বাৰ।
এতেকসে কান্দো কত ভুঞ্জিয়া নিকাৰ॥৬৩৪
অনুগ্ৰহ কৰা মোক অভ্যন্তৰে যাওঁ।
তোমাৰ কৃপাত কিবা বাঞ্ছা সিদ্ধি পাও॥
দ্বাৰী বোলে চাপি আইস বহিবো নিশ্চয়।
ইসবক সেবি একো ফল নপাৱয়॥৬৩৫