সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
অদ্ভুত ৰামায়ণ।


অন্ধকৰ কান্ধে চড়ি পঙ্গুৱা চলয়।
এহিমতে পাইলা যাই ৰামৰ আলয়॥
নাহি হেন কোন প্ৰাণী গৃহত বহিল।
অযোধ্যানগৰ সব প্ৰজায়ে ভৰিল॥ ৬২১
আকাশ চানিল আসি দে বৰ বিমানে।
নানা বিধ দেৱ বাদ্য বাজে স্থানে স্থানে॥
পাছে মাৰুতিয়ো যাই সভাত মিলিল।
শ্ৰীৰামৰ চৰণত পড়ি প্ৰণামিল॥৬২২
শ্ৰীৰামে বোলন্ত উঠ পবন কুমাৰ।
তোক দেখি চিত্ত আবে জুড়াইল আমাৰ॥
কিবা ভাল মন্দ মোত কহিয়ো সত্বৰ।
মাৰুতি বোলয় প্ৰভু শুনা ৰঘুবৰ॥ ৬২৩
তুমি যাতে তুষত তাৰ কিবা অকুশল।
যৈকে যাই তৈতে তাৰ মহা সুমঙ্গল॥
তোমাৰ কৃপাত সাতো বিবৰ চড়াই।
প্ৰথমতে যমপুৰ প্ৰবেশিলোঁ যাই॥৬২৪
গোসাঁ‌নীৰ উদ্দেশ নপাইলো কিছু তাত।
পাছে প্ৰবেশিলো যাই অনন্ত সভাত॥
অনন্তৰ আজ্ঞা পাই বিচাৰিলো তথা।
ব্ৰতেশ্বৰী গেদীৰ নকৈ কেহো কথা॥৬২৫