পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১২ ) পবিত্ৰ চেচিলিয়া পবিত্ৰ চেচিলিয়া এজনা বিখ্যাত মান হৈ পবিত্ৰ উৰালুচৰ পৰাষ্টীয়ান শিক্ষা পাই খৃষ্টীয়ান হৈছিলহি। বাপ্তিস্ম গ্ৰহণ কৰাৰ পাচত তেওঁ কেৱল ঈশ্বৰৰ নিমিত্তে জীৱন কটাবলৈ স্থিৰ কৰিলে। আৰু তেও লৈয়েই নিজৰ শুদ্ধ উচৰ্গা কৰিলে। চেলিলিয়াৰ বিশ বছৰ বযসত মাক বাপেকে বালেবীয়ান নামে এজন মানুহৰ লগত বিয়া দিবলৈ ইচ্ছা কৰিছিল। কিন্তু বিয়াৰ সময়ত পবিত্ৰ চেচিলিয়াই বালেৰীয়ানক মাতি ক'লে “চোৱা, ঈশ্বৰৰ এজন দূতে মোৰ শৰীৰ ৰক্ষা কৰে, তুমি যদি তাক অপব্যৱহাৰ কৰা তোমাৰ হানি হব।" বলেৰীয়াই তেওঁক সু ধলে “সেই দূতটোক মোক দেখবাব পাৰিব। " পবিত্ৰ চেচিলিয়াই ক'লে যেতিয়ালৈকে তোমাৰ আত্মা পবিত্ৰ বাপ্তিস্মৰ দ্বাৰা সুব্ধ নহয় তেতিয়ালৈকে সেই দূতক দেখিবলৈ নোপোলা। বালেৰীয়াই চেচিলিযাৰ কথা মতে খৃষ্টীয়ান ধৰ্ম্মত দিক্ষীত হৈ বাপ্তাইজিত হ’ল। আৰু এদিন চেচিলিৰ ওচৰলৈ গৈ এজন সুন্দৰ ঈশ্বৰ দূত দেখা পালে তেতিয়া তেও নিজ ভায়েককে ষ্টীয়ান ধম্মত দিক্ষীত কৰিলে আৰু শেষত ধৰ্মৰ কাৰণে জীৱণ উচৰ্গা কৰিলে। 1 সৰ্বশেষত চেচলিয়াকে ধৰি আনি এখন ডাঙ্গৰ তপত পাত্ৰত পেলাই দিয়া হৈছিল কিন্তু তেওঁৰ একো নক্স। অকস্মাত এখন তৰোবালে স্বৰ্গদুৱাৰ মুকলি কৰি দিলে আৰু তেওৰ পবিত্ৰ আত্মাই অনন্ত সুখ ভোগ কৰিবলৈ গতি কৰিলে।