। কিন্তু তেওঁলোক উত্তম খ্ৰীষ্টীয়ান আছিল তেওঁলোকৰ প্ৰচাৰ জনন ৰৰ উৎসাহী আছিল আৰু তেওঁ তাত এটা গিৰ্জাঘৰ সাজি প্ৰত্যেক বিবাৰে সকলোকে গোট খুৱাই প্ৰাৰ্থনা কৰিছিল। তেওঁলোকৰ তেতিয়া একান্ত ইচ্ছা এজন কাথলিক ফাদাৰ পোৱা আৰু চাক্ৰমেন্ট গ্ৰহণ কৰা। দিন যোৱাৰ লগে লগে তেওঁলোকেও ফাদাৰ দেখা পোৱাৰ আশা এৰি বৰ হতাশ হ'ল। কিন্তু প্ৰচাৰ জন নিৰাশ নহল। তেওঁ কাঠৰে যীচুৰ সকলোকে সা গ্ৰহে গ্ৰহণ কৰা এখন চবি সাজিলে। এই চবি খনি গিৰ্জাত থ'লে আৰু ন দিন একেৰাহে প্ৰভু তেওঁলোকৰ ওপৰত নয় বৰশাবৰ কাৰণে প্ৰাৰ্থনা কৰিলে। ঘৰলৈ যোৱাৰ আগতে সকলোৱে একেলগে প্ৰাৰ্থনা কৰে “হে যীচুৰ পৰম পবিত্ৰ হৃদয়, আমাৰ নিমিত্তে এজন ফাদাৰ পঠিওৱা।” আৰু যীচুৱে তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে। এদিন এজন কাথলিক ফাদাৰ কোনো ঠাইলৈ গৈছিল। বাটতে সন্ধ্যা হ’ল; বাট হেৰুৱাই কেনি যাৰ উৱাদিহ নাপাই সেই হাবিৰ মাজে মাজে যাবলৈ ধৰিলে। আন্ধাৰ বেচি হবলৈ ধৰিলত বেচেৰা ফাদাৰৰ ভয় লাগিবলৈ ধৰিলে। পাচত কিছু দুৰ গৈ পোৰ দেখা পালে। তেওঁ সেই পোহৰৰ ফালে গৈ সেই ঠাই পাই বৰ আচৰিত হ'ল। খ্ৰীষ্টীয়ান বিলাকে গোট খাই গিৰ্জাত প্ৰাৰ্থনা কৰিছে। তেওঁলোকে যেতিয়া শেহত “হে যীচুৰ পবিত্ৰ হৃদয় আমালৈ এজন ফাদাৰ পঠিওৱা” এই প্ৰাৰ্থনা কৰিছিল সেই সময়ত ফাদাৰে সেই ঠাই পাই গিৰ্জাত সোমাই 1 গ'ল। প্ৰভুৱে তেওঁৰ সন্তান-সন্ততি সকলৰ প্ৰাৰ্থনা পূৰণ কৰিছে। যীচুৰ কথা। “যি জনে মই দিয়া পানী খাব তেওঁ আৰু কেতিয়াও পিপাসিত নহৰ, বৰং এই পানী তেওঁৰ গাত বাঢ়ি অনন্ত জীৱনত পৰিণত হব।” 4
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৮৬
অৱয়ব