পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭)

ব্যৱসায়

 ধৰ্ম্মৰ ব্যৱসায় ইমান ডাঙ্গৰ কৃপা আছে যে তাৰ আচল মূল্য আত্মাই স্বৰ্গতহে বুজিব পাৰে। মানুহৰ সঙ্গৰ পৰা আতঁৰাই দিয়া ঐশ্ব্যৰিক মৰ্য্যদাৰ হাতত ৰখা আৰু ঈশ্বৰৰ অদ্বিতীয় ও অব্যাহতিৰ সেৱাৰ নিমিত্তে ৰখা; ঈশ্বৰৰ পুত্ৰলৈ পত্নী আৰু আত্মাবিলাকৰ ত্ৰাণলৈ কাম কৰিবলৈ তেওঁক আহ্বান কৰা আছে; ই এনে ডাঙ্গৰ উপকাৰ যে সকলো মানুহৰ আকাঙ্খাৰ শ্ৰেষ্ঠতম আৰু তাৰ হৃদয় অবিৰাম কৃতজ্ঞভাবে পৰিপূৰ্ণ কৰিছে।

 সৌৱা, আত্মাই কাক বৰকৈ আৰু আগ্ৰহেৰে ঈশ্বৰৰ মাত সংগ্ৰহ কৰি তেওঁৰ নম্ৰ নিমন্ত্ৰণ শুনে আৰু মাত, নিমন্ত্ৰন উৎসাহ প্ৰাৰ্থনাত গ্ৰহণ কৰি যীচুক উত্তৰ দিয়েঃ—হে যীচু, তোমাৰ নিমিত্তে মই জীৱন খোজোঁ। আজিৰ পৰা মোৰ সমস্ত শক্তি, মোৰ প্ৰাণী তোমাৰ হব। কিন্তু গহীনৰ কঠিন হব। একো নহয়! যীচুৱে মাতিছে, বাট সৰু আৰু খলা-বমা। একো নহয়! যীচুৱে মাতিছে।” “যদি মোৰ পাচত আহিব খুজিছা তুমি নিজে নুই কৰা; তোমাৰ ক্ৰুচ ধৰি মোৰ পিছে পিচে আহাঁ।” “কত?”

 “সদায় আৰু যতে ত’তে শোকৰ বাটত খোজ কাঢ়ি কালৱাৰি পৰ্ব্বত লৈকে।” কিন্তু যীচুৱে যে বাট স্থিৰ কৰিলে, আমালোকৰ নিমিত্তে