পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬ )

আৰু ৰজাবিলাকৰ ৰজা আছিল আমি কেনেকুৱা দুখ ভুগিব লাগে তাক তেওঁ শিক্ষা দিবলৈ এটা গোহালিত জাৰৰ দিনত যেতিয়া তেওঁৰ গাত দিবলৈ কাপোড় নাছিল এনে অৱস্থাত তেওঁ জন্ম লৈছিল। প্ৰথম ৩০ বছৰলৈকে তেওঁ নাচৰত নগৰত বাস কৰিছিল আৰু সন্ত যোচেফৰ লগত কাম কৰিছিল আৰু তেওঁ আমাৰ কেনেকুৱা পবিত্ৰ জীৱন হব লাগে তাক দেখুৱাইছিল। তাৰ পিছত তিনি বছৰলৈকে তেওঁ নিজৰ দেশৰ চাৰিওফালে নতুন প্ৰচাৰ কৰি ফুৰিছিল। আৰু তেওঁ যে এজন ঈশ্বৰ তাক আমাক দেখুৱাবলৈ বহুত আশ্চৰ্য্য কাম কৰিছিল; যেনে তেওঁ কণাবিলাকৰ চকু ভাল কৰিছিল, কলাবিলাকক শুনিবলৈ আৰু বোবাবিলাকক কথা কবলৈ শক্তি দিছিল আৰু মৰা মানুহক আকৌ প্ৰাণদান কৰিছিল।

 শেষত তেওঁ নিজ ইচ্ছায় আমাৰ নিমিত্তে বহুত কঠিন দুখ ভুগিলে আৰু ক্ৰুচত প্ৰাণ এৰিলে। কিন্তু ৩ দিনৰ পিছত তেওঁ আকৌ মৈদামৰ পৰা উঠিল। পুনৰুত্থানৰ পাচত তেওঁ নিজৰ পাচনিবিলাকৰ লগত বাস কৰিছিল আৰু শেষত এদিন তেওৰ সকলো পাচনি আৰু শিষ্যবিলাকক এটা পাহাড়ত একত্ৰ কৰি সিঁহতক শেষ আজ্ঞা দি তেওঁ স্বৰ্গলৈ গল।


 বিশ্বাস আৰু প্ৰেম আত্মাৰ ডৌকা। ঈশ্বৰক বিশ্বাস কৰা আৰু তেওঁক প্ৰেম কৰা তেনেহলে তুমি নিশ্চয় তেওঁৰ ওচৰলৈ উৰি যাব পাৰা। (ফাঃ ফাবেৰ)


 মানুহৰ জীৱন এটা মোনা স্বৰূপ যাৰ ভিতৰত নিজ ইচ্ছাই সোণ ৰূপ আৰু আমাৰ টুকুৰাবোৰ ভৰাব পাৰি।


 মই তোমাক কৈছো যে বিচাৰৰ দিনত কোন অযোগ্য কথা যি মানুহৰ মুখৰ পৰা ওলায় তাক হিচাব দিব লাগিব কাৰণ তোমাক আপোন কথাৰ দ্বাৰা নিৰ্দোষী বা দোষী কৰা হব। (মথী ১২–৩৬, ৩৭ পদ)