পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩ )

ডন বস্কৰ স্বপ্ন

যোহন বস্কৰ দুখিয়া জন্ম ঠাই।

 ১৮১৫ খৃষ্টাব্দৰ ১৬ আগষ্টত জন বস্কৰ জন্ম হৈছিল। তেওঁৰ নিচেই কোমল বয়সতে অৰ্থাৎ ১৮১৭ খৃস্টাব্দত তেওঁৰ বয়স দুবছৰ হওঁতেই তেওঁৰ বাপেক মৰি নিঠৰুৱা হয়।

 তেতিয়াৰ পৰা নিচেই কোমল বয়সতে ভবিষ্যতৰ সেই যুৱাধৰ্ম্ম প্ৰচাৰকে যিবিলাকৰ সংসাৰত পিতা নাই তেওঁলোকৰ দুখৰ কথা বহুত ঠেকি শিকিব লগা হৈছিল। যিজন মানুহ পিচত ‘মাউৰাৰ পিতা’ হৈছিল গৈ তেওঁৰ জ্ঞান দুখ বেজাৰৰ মাজেদি লাভ কৰিছিল।

 ১৮২৪ খৃষ্টাব্দৰ আগষ্ট মাহ বেগাই চমু চাপি আহিল। জ'হনৰ বয়স এতিয়া নবছৰ। সেই সময়ত এৰাতি জ’নে সপোন দেখিলে —-

 তেওঁ ঘৰৰ ওচৰৰ এখন ডাঙ্গৰ খেল মাটিত, আৰু তাত এজাক সৰু সৰু ল’ৰা। কিছুমানে হাঁহিছে, কিছুমানে খেলি আছে। কিন্তু সিহঁতৰ কেইটামানে ফিতাহি মাৰিছিল আৰু ঈশ্বৰৰ নিন্দা বখনা কৰিছিল। জ’নে সিহতক উপযুক্ত শাস্তি দিবৰ কাৰণে সিহঁতৰ মাজলৈ ঠেলি হেচি সোমাই গ’ল আৰু হাতৰ মুঠি দুটা টানকৈ ধৰি মহতিয়াবলৈ ধৰিলে যাতে সিহঁতক তেনে কৰি ঈশ্বৰৰ কোপাদৃষ্টিৰ পৰা ৰক্ষা কৰিব পাৰে।