পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২ )

জগত ব্যাপি গৈছে। সন্ত জোন বস্কৰ নাম এতিয়া সকলো জাতিৰ মাজত জনাজাত হৈছে আৰু সেই নাম এতিয়া মহৎ হৈছে। তেওঁ ইটালী দেশত জন্ম লৈছিল কিন্তু এতিয়া সমস্ত পৃথিবীয়েই “তেওঁৰ-দেশ” হৈ গৈছে। তেওঁ স্বৰ্গী হোৱা এতিয়া প্ৰায় ৫০ বছৰ হ’ল কিন্তু তেওঁ আন সকলো ডাঙ্গৰ মানুহৰ দৰে সকলোৰ মনত জীৱিত আছে। দুই মাহৰ আগেয়ে আসামৰ লাট চাহেবে সস্ত জোন বস্কৰ সম্মানাৰ্থে এটা সুন্দৰ কীৰ্ত্তিস্তম্ভ শ্বিলংত মানুহৰ আগত মুকলি কৰি দিলে। ১০ হেজাৰ মানুহে ডেকা সকলৰ বন্ধুক সম্মান দেখুৱাবৰ কাৰণে গোট খাইছিল। সন্ত জোন বস্কৱে সকলো মানুহৰ হৃদয় জয় কৰিছে; তেওঁ সকলোৰ হৃদয়ৰ ৰজা! তেওঁ হৃদয় পৃথিবী যেনেকুৱা আছিল আৰু তেওঁ সকলোক মত আৰু জাতি ভেদ বিচাৰ নকৰি সকলোকেই প্ৰেম কৰিছিল। তেওঁ পৃথিবীৰ চাৰিওফালে মানুহবিলাকক প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ চেলেচিয়ান্‌ ফাদাৰবিলাকক পঠিয়াইছিল। সন্ত জোন বস্কই কেনেকৈ যে মানুহক এই সংসাৰত আৰু স্বৰ্গত সুখী কৰিব পাৰে তাৰে কেৱল তেওঁৰ সকলোতকৈ ডাঙ্গৰ ভাব আছিল! এই কাৰণে তেওঁ বহুত পৰিশ্ৰমেৰে নিজৰ কাম কৰিছিল আৰু তেওঁ বহুত দুখ ভোগ কৰিছিল। সন্ত জোন বস্কই কৈছিল “তোমাৰ আত্মা মোক দিয়া, বাকী সকলো তুমি লোৱাঁ” তেওঁ কোনো প্ৰকাৰৰ আমোদ প্ৰমোদ বিচাৰ কৰা নাই তেওঁ কেৱল চাৰিও ফালে ঈশ্বৰৰ ৰাজ্য বঢ়াবৰ নিমিত্তে চেষ্টা কৰিছিল।

 প্ৰিয় অসমীয়া বন্ধুবিলাক, তোমাৰ সকলোতকৈ উত্তম বন্ধুক চোৱা। এই সুন্দৰ আসাম দেশত বহুত মানুহ আছে যি ঈশ্বৰৰ ওচৰত যাবৰ বাট পাবলৈ ইচ্ছা কৰে। ৰোৱা, তেনেহলে তুমিও অলপ এই উজ্জ্বল তৰাক চোৱাঁ। তুমি তাৰ পিছে পিছে গলে নিশ্চয় সত্য আৰু চিৰস্থায়ী সুখ পাবা! কাথোলিক মণ্ডলী সন্ত জোন বস্কৰ যে তেওঁক আদৰ্শ স্বৰূপ গ্ৰহণ কৰিব লাগে তেনেকুৱা কৰাত তেওঁক বহুত আদৰ দিছে। সন্তু জোন বস্ক সকলোৰ বন্ধু! আমি তেনেহলে তেওঁক আমাৰ সকলতকৈ ভাল বন্ধুৰ নিচিনা প্ৰেম কৰিব লাগে। আমি তেওঁৰ উপদেশবিলাক শুনিব লাগে আৰু তেওঁৰ সুউদাহৰণ অনুকৰণ কৰিব লাগে! “অসমীয়াৰ বন্ধু”