সমললৈ যাওক

পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৬ )

মাদাৰ মাৰীয়া মাজ্জাৰেল্ল।

 মাদাৰ মাজ্জাৰেল্ল চালিচিয়ান চিষ্টাৰবিলাকৰ প্ৰথম সৰ্ব্বসাধাৰণ অভিভাবক আছিল। ১৮৩৭ চনত মনেচে নামেৰে এখন সামান্য গাৱত তেওঁ উপজিছিল। তেওঁৰ মাক বাপেক ধাৰ্ম্মিক মানুহ আছিল। তেওঁ বিলাকৰ সন্তানবিলাকক ঈশ্বৰৰ ভয়ত তুলিবৰ কাৰণে অনেক যত্ন কৰিছিল। মাৰীয়াই সকলোতকৈ ভাল। সৰুৰে পৰা তেওঁ মাক বাপেকক সহায় কৰিবলৈ সদায় চেষ্টা কৰিছিল। প্ৰতি দেওবাৰত মাৰীয়া মাকৰ লগত গিৰ্জ্জালৈ গৈছিল আৰু তাৰ পৰা উভতি গৈ মাকে তেওঁক শুনা উপদেশৰ বিষয়ে কথা সুধিছিল। সেই সময়ত সৰু গাৱত স্কুল নাছিল। সেই কাৰণে মাৰীয়াই লিখাপঢা একো নেজানিছিল তথাপি তেওঁ ততালিকে প্ৰশ্নোত্তৰ ইতিহাস ইত্যাদি মুখস্থ কৰিবলৈ পাৰিছিল। অলপ ডাঙৰ হলত বাপেকৰ লগত খেতি কৰিবলৈ আৰম্ভ কৰিছিল। আৰু ইমান পৰিশ্ৰমেৰে কাম কৰিছিল যে তেওঁৰ নিছিনা কোনোৱে কাম কৰিব নোৱাৰিছিল। তেওঁ সদায় নিজৰ কাম ঈশ্বৰক উপহাৰ কৰিছিল। প্ৰতিদিনে খেতিলৈ যোৱাৰ আগতে অতি কষ্টেৰে পবিত্ৰ মিচ্চা শুনিবলৈ গৈছিল। কেতিয়াবা কেতিয়াবা সময় নেজানি ২-৩টা বজাৰ আগেয়ে গিৰ্জ্জাত উপস্থিত হৈছিল।