পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৫ )

পাৰে। সকলো চাক্ৰামেণ্টে পবিত্ৰ কৰা কৃপা দিছে বা বঢ়াইছে। ইয়াৰ দ্বাৰা আত্মাই ঈশ্বৰৰ সাক্ষাতে মনোহৰ। বাপ্তিস্মা আৰু পাপস্বীকাৰ মৃতলোকৰ চাক্ৰামেণ্টবোৰ বোলা যায়, এই কাৰণে সিহঁতক গ্ৰহণ কৰোঁতে আত্মা পাপত মৃত হব লাগে। তেনেহলে যিবোৰ কপাক দিয়ে। আন চাক্ৰামেণ্ট বিলাক জীবিত লোকৰ চাক্ৰামেণ্ট বোলা যায়। কিয়নো সিহঁতক গ্ৰহণ কৰাৰ সময়ত কৃপাত জীৱিত হবলৈ আমাৰ আত্মাৰ আৱশ্যক। সিহঁতে আত্মাত কৃপাক বঢ়াইছে। পবিত্ৰ কৰোঁতা কৃপাত বাজে প্ৰত্যেক চাক্ৰামেণ্টে এটা বিশেষ কৃপা দান কৰে। চাক্ৰামেণ্টৰ কৃপা যথাৰ্থ কৃপা যাৰ দ্বাৰা আমি আৱশ্যক হলে সহায় পাওঁ। চাক্ৰামেণ্ট উপযুক্ত ৰূপে গ্ৰহণ নকৰিলে ডাঙ্গৰ পাপ হয়, অপবিত্ৰতা। যেতিয়া আমি চাক্ৰামেণ্টবিলাকক উপযুক্তৰূপে গ্ৰহণ কৰোঁ তেতিয়া আমাৰ আত্মা আনন্দৰে পৰিপূৰ্ণ হয়। এই দেখি চাক্ৰামেণ্ট বিলাক লবলৈ আমাৰ খুব আগ্ৰহ হোৱা উচিত। কিন্তু আহা! আমি সোৱঁৰণ কৰো আমাৰ প্ৰস্তুত অনুসৰি কৃপা পাম।

 

 

আমি কি প্ৰকাৰৰ চাউল খাব লাগে?

 কলত বনা চাউল ব্যবহাৰ কৰাৰ বাবে ভাৰত বৰ্ষত নানা প্ৰকাৰ বেমাৰ ও আৰু বেৰি বেৰি ৰোগে আগুৰি ধৰিছে। কাৰণ ফলত বনা চাউলৰ সাৰপদাৰ্থ সকলো নষ্ট হৈ যায়। ঘৰত বনা চাউল যদিও ময়লা দেখায় ই মানুহৰ শৰীৰ সবল কৰি ৰাখে।

 এসময়ত টুৰিল নগৰৰ এজন ডাক্তৰে এইটো প্ৰমান কৰিবৰ নিমিত্তে ৪০ জনী পাৰৌ চৰাই আনি তাৰে ২০ জনীক কলৰ চাউল আৰু বাকী ২০ জনীক ঘৰত বৰা চাউল খুৱাবলৈ ধৰিলে। অৱশেষত তেওঁ দেখিলে যে কলত বনা চাউল খুওৱা কিজনি ক্ৰমান্বয়ে বেমাৰী হৈ উৰিব নোৱাৰা হল তাৰ পিছত বেমাৰীৰ পৰা ১০ জনীক আমি খোৱাৰ সলনি কৰি ঘৰত বনা চাউল খুওৱাত পুনৰায় সুস্থ হল আৰু বাকী ১০ জনীক সেই চাউল ব্যবহাৰ কৰি থকাত অৱশেষত মৰি যোৱা দেখা পালে।