পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাৰীয়াৰ মধুৰ নান এই মাহৰ ১২ তাৰিখে আমি মাৰীয়াৰ মধুৰ আৰু পবিত্ৰ নামৰ ভে উৎসব পাৰ্তো। আমাৰ নিজ-মাতৃৰ নামৰ নিচিনাকৈ তেওঁৰ নামো নি আমালৈ মৰমৰ। আমি বিশেষকৈ লোভ আৰু শেষ বিচাৰৰ সময় অতি স্নেহেৰে প্ৰায়েই ইয়াক পুনঃ পুনঃ উচ্চাৰণ কৰে। দুষ্টাত্মাৰ বিৰোদ্ধে যীচুৰ নামৰ পাচতে মাৰীয়াৰ নাম অতি ক্ষমতা বান। যেনেকৈ এটা সৰু লৰাই কোনো বিপদত ভয় খাই তাৰ মাকৰ ওচৰলৈ যায়, সেইদৰে আমিও দুষ্টাত্মা বিলাকে আমাক প্ৰলোভন দেখুৱালে মাৰীয়াৰ ওচৰলৈ লৰি যাব লাগে। তেওঁ নিশ্চয় আমাক ৰক্ষা কৰিব আৰু মাতৃতুল আবৰ- শীৰে তেওঁৰ কাষত আশ্ৰয় দিব।