( ১১ )
এসিসি প্ৰদেশৰ সাধু ফ্ৰান্সিস
যোৱা বাৰৰ সংখ্যাত আমালোকে পাদুৱাৰ সাধু এণ্টনিৰ আচৰিত জীৱনীৰ বিষয় পাইছিলো, তেওঁ এজন সাধু ফ্ৰান্সিসৰ সমাজৰ মঠবাসী সন্ন্যাসী আছিল।
তুমি সিপিঠিত সেই মহান ধাৰ্ম্মিক লোকজনৰ ছবি দেখিবলৈ পাবা। তেওঁ ইটালীৰ এসিসি চহৰৰ এজন প্ৰখ্যাত ধনী সদাগৰৰ একেজনা পুত্ৰ আছিল। তেওঁ তেওঁৰ গোটেই ডেকা কালটো নানাপ্ৰকাৰ ৰং ধেমালিৰে কটাযছিল।
এদিন তেওঁ বেমাৰত পৰি থাকোতে, পৃথিবী এৰি ঈশ্বৰৰ দাস হবলৈ মতা এটা মাত শুনিবলৈ পালে। তেওঁ তাকে কৰিবলৈ প্ৰতিজ্ঞা কৰাত ততালিকৈ আৰুগ্য হল।
তেওঁ নিজৰ ঘৰ বাৰী ধন সম্পত্তি এৰি এটা সৰু গুহালৈ গৈ প্ৰাৰ্থনাৰে নিজকে উৎসৰ্গ কৰিলে।
যীশু খ্ৰীষ্টই যেনেকৈ আমালোকৰ পাপৰ নিমিত্তে দুখ ভোগ কৰিছিল, তেনেকৈ তেওঁ তেওঁৰ প্ৰেমত কষ্ট ভোগকৰি অতিশয় আনন্দ লাভ কৰিছিল।
তেওঁ ইমান ডাঙৰ ধাৰ্ম্মিক আছিল যে বনৰ বনৰীয়া জন্তু বোৰে ও আকাশত উডি ফুৰা চৰায বোৰেও তেওঁৰ কথা শুনিবলৈ আছিল।
এদিন তেওঁ বাটত এজন আধামৰা কুষ্ঠৰুগী দেখা পালে ও তাৰ ওচৰত গৈ এটী চুমাখোৱাত সেই কুষ্ঠৰুগী তৎক্ষণাৎ আৰুগ্য হল।
হাজাৰ হাজাৰ ভাল ভদ্ৰ মানুহে তেওঁক অনুসৰণ কৰি তেওঁৰ শিষ্য হৈছিল। তেওঁলোক সকলোৱে বৰ দৰিদ্ৰভাবে ও পৰম ধাৰ্ম্মিক ভাবে কাল যাপন কৰিছিল। এই প্ৰকাৰে তেওঁলোকে সাধু ফ্ৰন্সিস নামেৰে এখন সমাজ গঠন কৰিলে, যি সমাজে এই পৰ্য্যন্ত এই পৃথিবীত ভাল কাম কৰিআছে।
ক্ৰুচবিদ্ধ যীশুৰ প্ৰতি সাধু ফ্ৰান্সিসৰ ইমান প্ৰেম ও ভক্তি আছিল যে তেওঁ প্ৰত্যেক দিনেই বেশীভাগ সময় তেওঁৰেই ক্ৰুচৰ দুখ ভোগৰ ধ্যানত মগ্ন হৈ কটাইছিল।