পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হে দিব লাগে ইয়াক প্ৰাণী বোৰকে দিলে। প্ৰথম আজ্ঞাই দূতবিলাক আৰু সাধুবিলাকক স্বৰ্গীয় সম্মান দিবলৈ নিসিদ্ধ কৰে, কিন্তু আমি তেওঁলোকক হীন-সম্মান দিব পাৰোঁ এই কাৰণে যে তেওঁবিলাক ঈশ্বৰৰ বন্ধু; ধাৰ্ম্মিক পুৰুষৰ অস্থি, ক্ৰুচ আৰু পবিত্ৰ চিত্ৰবোৰক সম্মান দেখুৱাব পাৰো, কিয়নো সেই বিলাকেই খ্ৰীষ্টৰ ও সাধুবিলাকৰ সোঁৱৰণ।

 এই আজ্ঞাঁ অনুসাৰে চয়তানৰ কুমন্ত্ৰণা, আঁচৰন বোৰ ইত্যাদি সমাজক কান দিবলৈ নিষিদ্ধ। যি যি কৰ্ম্মেৰে বা ভাবেৰে আমাৰ বিশ্বাস কমিব পাৰে এই বোৰ অতি শীঘ্ৰে দূৰ কৰা দৰকাৰ। বৰ্ত্তমানে অনেক অনেক সস্তা গ্ৰন্থ প্ৰচাৰ কৰা হয়, কিন্তু সেই সকলো আমাৰ আত্মৰ ও আত্মাৰ বিশ্বাসৰ বধী, সেই বোৰে অনেক মানুহ, তিৰোতা, লৰা ও ছোৱালীৰ বিশ্বাস ক্ষতি ও নষ্ট কৰে। ভৰসা আৰু প্ৰেম নষ্ট হলে আমি উভয়কে বিশ্বাসেৰে পাব পাৰো; কিন্তু বিশ্বাসৰ ধ্বংশ হলে তাক পূণৰ পাবলৈ হলে কৃপাৰ আচৰিত কাৰ্য্যৰ আৱশ্যক। তেতিয়া হে আমালোকে ত্ৰাণৰ পথলৈ আগুৱাবলৈ কৃতকাৰ্য্য লাভ কৰিব পাৰিম।


“সজ নিয়ম।”

৪। আন মানুহক তোমাৰ কাৰণে বহুত সময় ৰবলৈ নিদিবা।

৫। ওপৰালাৰ অনুমতি নোলোৱাকৈ তেওঁ লোকৰ সন্মুখত নবহিবা।

৬। বুঢ়াক বা দুৰ্ব্বল মনৰ মানুহক অৱজ্ঞা কৰি নেহাঁহিবা।

৭। যেতিয়া আন মানুহে জীবনি লয় কোটাল নকৰিবা।

৮। আন মানুহে যি কৰে তাকে দেখি অনুশৰণ নকৰিব।

৯। তুমি সকলো জানো বুলি ভাবি তোমাৰ আচৰনত গপাল নহবা।

১০। তুমি কথা কওঁতে সকলো মানুহ কলা হোৱাৰ নিচিনাকৈ বৰ জোৰে নকবা।

১১। তোমাৰ ধৰ্ম্ম আন মানুহৰ আগত প্ৰকাশ কৰিবলৈ ভয় নকৰিব।

১২৷ তুমি তোমাক আন মানুহৰ আগত নতুবা আন মানুহক ঈশ্বৰৰ আগত নেহাহিবা৷