পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮)


 মই আকৌ এবাৰ সেই খেল-মাটিৰ ফালে চালোঁ; এইবাৰ ওপৰত কোৱা জন্তু বোৰৰ ঠাইত মই কিছুমান শান্ত ভেৰা ছাগলি দেখিলোঁ; সিহঁতে ডেওদি নাচি নাচি ঘাহৰ ওপৰত জপিয়াই আনন্দেৰে ফুৰি ফুৰিছিল যেন সিহঁতে মোক উপদেশ দি থকা মানুহ জন আৰু তিৰোতা গৰাকীক সম্মান হে দেখুৱাইছিল।

 তেতিয়াও মই শুয়েই ভাবিছিলো যে সপোনত মই কান্দিবলৈ ধৰি সেই তিৰোতা গৰাকীক দয়া কৰি তেতিয়াও মই সেই গুঢ়তত্ব নোপোৱা কথাবোৰ ভালকৈ ভাঙ্গি কবলে কলো, যাতে সেই ঘটনা বোৰৰ মানে মই বুজিব পাৰোঁ।

 তেওঁ তেতিয়া উত্তৰত মোৰ মুৰত হাত ফুৰাই ক'লে “ যেতিয়া ইয়াৰ থিক সময় আহিব তেতিয়া তুমি সকলো কথা বুজিব পাৰিবা’’।

 তেতিয়া কিহবাৰ শব্দ হোৱাত মই সাৰ পালোঁ। আৰু সকলো কথা “সপোনত আলাসত চাং পতাৰ’’ নিচিনাকৈ নাইকিয়া হ’ল।

 আজি প্ৰায় এশ বছৰৰ পাচত জ'ন বস্কোৰ দ্বাৰাই স্থাপিত হোৱা চলিচিয়ান ফাদাৰবিলাকৰ কামৰ দ্বাৰাই সপোন জীবন্ত সত্যত পৰিণত হৈছে।