পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)

ঈশ্বৰৰ উপায় জন বস্কৰ স্বপ

 ১৮২৪ খ্ৰষ্টাব্দৰ আগষ্ট মাহ বেগাই চমু চাপি আহিল। জ’ন বস্কোৰ বয়স এতিয়া নবছৰ। সেই সময়ত এৰাতি জ’ন বস্কোৱে সপোন দেখিলে তেওঁ ঘৰৰ ওচৰৰ এখন ডাঙ্গৰ খেল মাটিত; আৰু তাত এজাক সৰু লৰা। কিছুমানে হাঁহিছিল, কিছুমানে খেলি আছিল। কিন্তু সিহঁতৰ কেইটামানে ফিতাহি মাৰিছিল আৰু ঈশ্বৰৰ নিন্দা কৰিছিল। জন বস্কোয়ে সিহঁতৰ উপযুক্ত শাস্তি দিবৰ কাৰণে সিহঁতৰ মাজলৈ ঠেলি হেচি সোমাই গ'ল আৰু হাতৰ মুঠি দুটা টানকৈ ধৰি ভালকৈ