পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)

কাছ আৰু শহা পহুৰ কথা


 এদিন এটা অহঙ্কাৰী শহাই এটা কাছক লগ পালে। কাছটোক দেখি শহাটোৱে ঠাট্টা কৰি হাঁহি কবলৈ ধৰলে 'তই এটা কেনে মুখ জন্তু; তই একেবাৰে যাবই নোৱাৰ। কেনে কুৎসিত ভাবে তই পেটেৰে চুচৰি চুচৰি যাৱ৷ মোলৈ চাচোন, হাবিৰ সকলো পশুতকৈ মই বেচ বেগাই লৰিব পাৰো৷

 তাকে শুনি কাছটোৱে ক'লে সচাকৈযেনে - তেন্তে আহ, আমি যাৰ মাৰো। যিযেই প্ৰথমে সৌ গছজোপা লৰিগেৈ পাব পাৰিব, তাৰেই জয় হব।”

 এক......দুই......তিনি। কাছটোৱে যিমান বেগাই যাব পাৰে সিমান বেগেৰে যাবলৈ ধৰিলে। কিন্তু শহাটোৱে মনতে ক'লে "বাৰু যা তৰেই প্ৰথম হবলে চেষ্টাকে কৰাকে চাওঁ! মই অলপ জিৰাই লওঁ তাৰ পাচত তিনি, থাপতে তোক চেৰ পেলাম.........।

 কিন্তু কথা এনে ঘটিলগৈ যে শহাটো পৰা মাত্ৰকে তাৰ টোপনি আহিল। আৰু কাছটো একেৰাহে থিৰেৰে গৈয়েই আছে।

 কিছু সময়ৰ পাছত শহাটোৱে হঠাৎ সাৰ পাই দেখে যে কাছুটোৱে গছ জোপা পাবলৈ কেই খোজ মানুহে আছে। সি তেতিয়া যিমান বেগেৰে পাৰে লৰিবলৈ ধৰিলে, কিন্তু মিছাতে। শহাটোৱে কাছটোক পোৱাৰ আগয়েই কাছটোৱে গছ জোপা চুলেগৈ।

 তেতিয়া সকলো জন্তুবোৰে শহাটোক ঠাট্টা বিদ্ৰুপ কৰি হাহিবলৈ ধৰিলে আৰু কলে “ তোৰ বেচ্ হৈছে; ইয়াৰ পৰা নম্ৰ হবলে শিক”৷

 আমিও এই গল্পৰ পৰা শিকিব লাগে যে আমি আমাৰ কোনো ভাল গুণ থাকিলে তাৰ পৰা যসশ্যা, গপ কৰিব নালাগে। কিন্তু সদায় সকলোৰে ওচৰত নম্ৰ আৰু মিহি হব লাগে।