পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)


 মণ্ডলীৰ সাতজন ডিকনৰ ভিতৰত লৰেন এজন প্ৰধান। তেওঁলোকে দুখীয়া মানুহৰ সেৱা কৰিছিল। এই কামতে পবিত্ৰ লৰেনে নিজৰ জীৱন ত্যাগ কৰিছিল। যেতিয়া পবিত্ৰ পপে ধৰ্ম্মৰ কাৰণে জীৱন দিবলৈ গৈছিল তেতিয়া লৰেনে তেওঁৰ পিছে পিচে গৈ এই বুলি কান্দিছিল, “আপুনি কিয় ত্যাগ কৰে’’? পবিত্ৰ পপে তেওঁক সান্তনা কৰনাৰ্থে উত্তৰ দিলে “মোৰ বাছা, নাকান্দিবা, তিন দিনৰ মুৰত মোৰ লগলৈ আহিব পাৰিবা” এই ভবিষ্যত বাণী সত্যত পৰিণত হ'ল।

 তিন দিনৰ মুৰত মোৰ নগৰৰ শাসনকৰ্ত্তাই লৰেনৰপৰা মণ্ডলীৰ সকলো ধন সম্পত্তি দাবি কৰি খুজিলে। পবিত্ৰ লৰেনে ক'লে ‘তিনি দিনৰ মুৰত আমালোকে সকলো ধন সম্পত্তি তোমাৰ হাতত সমৰ্পণ কৰিম’। তৃতীয় দিনা পবিত্ৰ লৰেনে নগৰৰ সকলো ৰোগী, দুখীয়া, মানুহক মাতি গোট খুৱাই সিবিলাকক শাসনকৰ্ত্তাক দেখুৱাই ক'লে “চাওক এই বিলাকেই মণ্ডলীৰ ধন সম্পত্তি।’’ এই কথা শুনি শাসনকৰ্ত্তা খঙত জ্বলি উঠিল আৰু ততালিকে লৰেনৰ প্ৰাণদণ্ডৰ আজ্ঞা দিলে। তেওঁক পিঙত দিয়া হ'ল।