পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৯)
দূত আৰু সাধুবিলাক

 আমাৰ প্ৰাৰ্থনা কৃত্ৰিম আৰু দুৰ্ব্বল এই কাৰণে পবিত্ৰ কাথলিক মণ্ডলী সাধুবিলাক আৰু দূতবিলাকৰ সহায় খুজিবলৈ উদগাইছে। তেওঁলোক পৰমেশ্বৰৰ সন্মুখ হলে, তেওঁ সিবিলাকৰ প্ৰতি সন্তুষ্ট হৈ, তেওঁবিলাকৰ প্ৰাৰ্থনা শুনি, গ্ৰহণ কৰে। আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰাত তেওঁবিলাকৰ আনন্দ। এই দেখি আমি যদি এই দিহাৰ ব্যৱহাৰ নকৰো, তেন্তে আমি মূৰ্খৰ নিচিনা। তেওঁ পোনে পোনে ঈশ্বৰৰ ওচৰলৈ চাপি যায়।

 সকলো সময়তে তেওঁবিলাক জবৰ ডাঙ্গৰ বন্ধুৰ নিচিনা আছিল। পৰমেশ্বৰৰ সিবিলাকৰ প্ৰতি খং উঠিল। তেতিয়া সিবিলাকে ক্ষমা পাবৰ নিমিত্তে ঈশ্বৰৰ ওচৰলৈ গ'ল৷ কিন্তু তেওঁ ক’লে “মোৰ দাসৰ ওচৰলৈ যোৱা৷ তেওঁ তোমালোকৰ নিমিত্তে প্ৰাৰ্থনা”। আৰু এই কথা অনুসাৰ পৰমেশ্বৰ জবৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে। অতএৱ আমি ইশ্বৰৰ কৃপাত; তেওঁৰ পৰামৰ্শ লৈ ভাল বন্ধুবিলাকৰ সৈতে চলিম।