পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮)


নিযুক্ত কৰিলে। ৰোমৰ প্ৰথম বিচপ্‌ সন্ত পিটৰ যি পাচনি সকলৰ প্ৰথম আৰু পৃথিবীৰ ঈশ্বৰৰ প্ৰতিনিধি তেওঁক ঈশ্বৰে সৰ্ব্ব প্ৰথমে মুৰব্বী নিয়োগ কৰিলে যেনেকৈ আমাৰ সম্ৰাটে ইংলণ্ডত থাকিব লগা হোৱাত ভাৰত বৰ্ষলৈ এজন ভাইচৰয় পঠাইছে। প্ৰভু যীচুৱে পিটৰক কৈছিল “মোৰ ভেৰা বোৰক চৰোৱা, মোৰ মেৰছাগ বিলাকক চৰোঁৱা” (সন্ত যোহন ২১)! তাৰ মানে “সকলো বিশ্বাসী লোকক শাসিত কৰাঁ!” আৰু এসময়ত প্ৰভুৱে কৈছিল ‘তুমি পিটৰ, মই এই শিলৰ ওপৰত মোৰ মণ্ডলী স্থাপন কৰিম। ইয়াৰ ওপৰত নৰক দুৱাৰৰ কোনো প্ৰভাৱ নহব” (সন্ত মাথ ১৬)। সেই কাৰণে আজি প'প--ৰোমৰ বিচপ--যি পিটৰৰ উত্তৰাধীকাৰী মণ্ডলীৰ মুৰব্বী। যেনেকৈ ভাইচৰয়ক গবৰ্ণৰে, গৰৰ্ণৰক ডিপুটি কমিচনাৰ বিলাকে, ডিপুটি কমিচনাৰ বিলাকক মৌজাদাৰ- বোৰে, আৰু মৌজাদাৰ বোৰক গাঁওবুঢ়াই সহায় কৰে, সেই দৰে প'পক কাৰ্ডিনেল সকলে, কাৰ্ডিনেল সকলক বিচপ সকলে, আৰু তেখেত সকলক ফাদাৰ সকলে সহায় কৰে।

 কাৰ্ডিনেল ৭২ জন আৰু তেখেত সকলে সকলোবোৰ ডাঙ্গৰ ডাঙ্গৰ ঠাইৰ বিচপ সকলৰ মুৰব্বী হিচাবে পপক মণ্ডলীও সকলো গুৰুতৰ বিষয়ত সহায় কৰিছে, অথবা ৰোমত থাকি তেখেতৰ ওচৰহৈ সকলো লাগতিয়াল বিষয় সমাধা কৰিছে। বিচপ ১৬১০ জন, তেখত সফল সকলোবোৰ “ডায়চিচ’ বা মিচনৰ গৰাকী। গোতেই পৃথিবীক বহুত ‘ডায়চিচ'ত ভাগ কৰা হৈছে;'- যেনে, শ্বিলং ‘ডায়চিচ', ৰানচি ‘ডায়চিচ', কৃষ্ণগড় ‘ডায়চিচ। আৰু প্ৰত্যেক ‘ডায়চিচ’ৰ মুৰব্বী হৈছে বিচপ মহোদয়। আৰ্ক বিচপ সকল :ডায়চিচ’ৰ বিচপ সকলৰ ওপৰত।

 প্ৰত্যেক ‘ডায়চিচ'ত অনেক ফাদাৰ থাকে আৰু সি সকলে বিচপ সকলক সকলো বিষয়তে; খ্ৰীষ্টিয়ান সকলক শিক্ষা দিয়াত, নতুন খ্ৰীষ্টিয়ান কৰাত সহায় কৰিছে।

 যি সকলে পুৰোহিত হবৰ কাৰণে শিক্ষা পাব লাগিছে সেই ‘ব্ৰাদাৰ’ বোলা হয়। আৰু অন্য এক শ্ৰেণীৰ ‘ব্ৰাদাৰ’ আছে (তেওঁ লোকক ‘লে’ ব্ৰাদাৰ বোলা হয়) যি সকলে কেতিয়াও পুৰোহিত হযব নোৱাৰে।

 'চিষ্টাৰ' সকলে ঈশ্বৰৰ সেৱা কৰে আৰু 'ফাদাৰ’ সকলক তিৰোতা মানুহক আৰু ছোৱালী বিলাকক শিক্ষা দিয়াত সহায় কৰে।