শৃগাল হুইয়া সিংহে যুজিতে খোজয়।
কতনো শকতি মাৰিবাক শঙ্কা নাই॥ ৪২০
কৈত কালজিত বীৰ মোৰ বাক্য ধৰা।
ঘোৰ যুদ্ধ কৰি ভীম-অৰ্জুনক মাৰা॥
পাচে সাবহিত হুয়া মহাযুদ্ধ কৰি।
প্ৰমথক মাৰি তান ভাঙ্গিয়ো নগৰী॥ ৪২১
আপুনি স্ৰজিলা কেনে আপুনি নাশয়।
ইটো প্ৰতিকাৰে কিছো দোষ নাহিকয়॥
নাথাকোক ইথানত কৈলাসে চলোক।
তাঙ্ক কোনে ইটো ঠাই দিলা কোনলোক॥ ৪২২
ইসব ৰাজ্যত জানো মই অধিকাৰ।
মোৰ ৰাজ্যে থাকি কৰে মোৰ অপকাৰ॥
ইহাক খেদিলে জানা কোনো দোষ নাই।
আমাক খুজিয়া শুনোলৈলা ইটো ঠাই॥ ৪২৩
আমাৰ উপৰিবংশ পূৰ্বত আছিলা।
তাসম্বাক খুজি হৰে এহি ৰাজ্য লৈলা॥
এবে আমাসাৰ কৰে এত অপকাৰ
যত বস্তু আছে সবে লৈয়োক সত্বৰ॥ ৪২৪
হেনয় জনক খেদিলাত দোষ নাই।
আপুনি থাকোক কৈলাসত সুখে যায়॥
বৈশম্পায়ন বদতি শুনা নৃপবৰ
এহিমতে দুৰাচাৰে ভৰ্ৎসিলা বিস্তৰ॥ ৪২৫
তিনি ভুৱনৰ যিটো কালৰূপ হৰ।
স্ৰজন পালন সংহাৰণে মহেশ্বৰ॥
হেন মহেশক থান অসুৰে দিৱয়।
মহাজনসবে আৰ বুজিবা আশয়॥ ৪২৬
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৭৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০২
অশ্বকৰ্ণ বধ