সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশ্বকৰ্ণ বধ বৈশম্পায়ন বদতি শুনা জন্মেজয়। সেহিবেলা ভীমাৰ্জুন মিলিলা তথায়।। ঘোৰশৰে মাৰিলেক সৈন্য দানৱৰ। সেহি সবে শৰবৃষ্টি কৰে নিৰ্ত্তৰ॥ ৪১৪ শ্ৰাৱণ মাসত যেন মেঘে বষিয়। উভয় সৈন্যৰ শৰ ভৈলা সেহি নয়।। একো একো বীৰে ত্ৰিদশক নুগুণয়। ভীম-অৰ্জুনক শত সহস্ৰে যুজয়॥ ৪১৫ সেহি বেলা মহাকোপে বীৰ ধনঞ্জয়। দুয়োহস্তে দানৱক শৰ প্ৰহাৰয় হাত ভৰি কাটি কাৰো কান্ধক কাটিলা। অসংখ্য সহস্ৰ বীৰ ৰণত পৰিলা॥ ৪১৬ ভীমসেনে কোবাই মাৰিলা যত যত। সংক্ষেপ পদত তাক কহিবোহো কত॥ কতো দূৰে আছে শুণ্ড দানৱৰ ৰাজা। বাদ্যভাণ্ডে দণ্ড ছত্ৰে বেঢ়ি সব প্ৰজা॥ ৪১৭ ভীম-অৰ্জুনৰ হাতে পাই সবে ত্ৰাস ৰাজাত দিলেক জান ছাৰিয়া নিশ্বাস॥ শুনা ৰাজ-পুত্ৰ তুমি দেখিয়ো নেদেখা। যতেক পৰিল বীৰ নাহি তাৰ লেখা॥ ৪১৮ তোমাৰ আগতে বৰ সৈন্য হোৱে ক্ষয়। ৰণ মাজে আছা কেনে শত্ৰুক ড্ৰায়।। শুনি শুন্তু সেনাপতি সবাকো চাহিলা। ভীম-অৰ্জুনক ৰণ কৰিবে বুলিলা॥ ৪১৯ চলা শীঘ্ৰবেগে সবে বিলম্ব নকৰ। সমৰৰ মধ্যে মানুষক বেঢ়ি ধৰ॥ ১০১