সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৯
অশ্বকৰ্ণ বধ

পৃথ্বীগৰ্ভে মাধৱেয়ো দম্ভক বধিলা।
তাৰ পুত্ৰ শুম্ভ নামে ৰাজা হৈয়া ৰৈলা॥ ৪০২

অশ্বকৰ্ণ ৰাক্ষসক বধিবাক শুনি।
মহাক্ৰোধ কৰি সিটো আসিলা আপুনি॥
যত দৈত্য দানৱ আসিছে সিবেলাত।
কোনে লেখা সংখ্যা তাৰ কহিবে শকত॥ ৪০৩

ভূত-প্ৰেত প্ৰমথ মাৰে নিৰন্তৰ।
উদ্যানোপবন সব ভাঙ্গিলা সত্বৰ॥
কিল কিল শৱদ শুনন্তে ভয় ভীত।
ভাঙ্গিলা প্ৰমথ সেনাগণ আছে যত॥ ৪০৪

শিৱৰ থানত দানৱৰ উৎপাত

হেন দেখি দানৱ সকলে বল পাই।
শিৱৰ পুৰৰ ঘৰ-বাৰীক ভাঙ্গয়॥
তড়াগ পুষ্কৰ্ণী আৰো সৰোবৰচয়
হীৰা মৰকত স্থলী চাহন নযায়॥ ৪০৫

নাহি ৰাত্ৰি দিন চন্দ্ৰ সূৰ্য্যৰ প্ৰকাশ।
সৰ্বকালে প্ৰকাশয় থানৰ আভাস॥
কি কহিবো শঙ্কৰৰ থানৰ মহত্ত্ব
তাহাক ভাঙ্গয় দুষ্ট দৈত্য সৈন্য যত॥ ৪০৬

মহামনোহৰ পুৰী দৈত্য প্ৰজটিল।
অনন্তৰ কালত যে ঘঞ্চাল লাগিল॥
ধৰ ধৰ মাৰ মাৰ কৰে কোলাহল।
শুনিয়া শঙ্কৰে দৈত্য-সেনাৰ আষ্ফাল॥ ৪০৭

নন্দী ভৃঙ্গী দুইজন মহা পাৰিষদ
দুহাঙ্কো পাঞ্চিলা কিবা মিলিল প্ৰমাদ॥