১৮ অশ্বকৰ্ণ বধ উৎপত্তি প্ৰলয় শুভাশুভ যত হয়। পূৰ্ব সংস্কাৰে আসি তথাতে মিলয়।। হিৰণ্য কশিপু আদি যত দৈত্যচয়। কশ্যপ ঋষিত হন্তে জন্মিয়া আছয়॥ ৩৯৬ কুম্ভকৰ্ণ ৰাবণ প্ৰমুখ্যে নিশাচৰ পৌলস্ত্য ঋষিত হন্তে জনম তাহাৰ। নাম গোত্ৰ কহো শুনা আনো দানৱৰ। জঙ্ঘাসুৰ আদি কৰি নমুচি শঙ্কৰ॥ ৩৯৭ দুন্দুভিক ধৃতকেতু বংশ অন্তধাৰ। সবে মহা পৰাক্ৰমী বীৰ বলীয়াৰ।। মালী যে সুমালী বীৰমালী ভদ্ৰমালী। এহিসব বীৰ যক্ষ বংশে মহাবলী॥ ৩৯৮ এসবক এৰি যক্ষ আছয় বহুত। সবেয়ো পশিল জাতি যক্ষ পৃথিৱীত॥ পৰম হিংসুক দেখি বিধাতা পূৰ্বত। তাসম্বাক দিলা থান সবাৰো অধোত॥ ৩৯৯ গাৱে গাৱে সবাৰ আছয় অধিকাৰ। একেবাৰে দেও লেখা শুনা তাসম্বাৰ॥ যাঠি লক্ষ নৱ খৰ্ব সত্তৰি অযুত বিধাতায়ে থান পূৰ্বে দিলা বিতলত।। ৪০০ সমুদায়ে মহানন্দে তথাতে বঞ্চয়। পৰম বিচিত্ৰ স্থান কশ্যপ আলয়।। কহিলো তোমাত বংশ দৈত্য দানৱৰ। ইসবত কৰি দন্ত দৈত্য বলীয়াৰ॥ ৪০১ মহাবলী কৰি পূৰ্বে প্ৰকৃতি স্ৰজিলা। ব্ৰহ্মাৰ দিবস মানে তাঙ্ক আয়ু দিলা॥
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৭১
অৱয়ব