কান্ধত উত্তৰী হাড়মালা ৰুদ্ৰাক্ষৰ।
জকমক কৰে দান্ত দেখি লাগে ডৰ॥ ৩৭১
দাড়ি গোফ জটা-জুট জোট বান্ধিছয়।
কটিতে কপিন তাতে হাৰ মণিময়॥
আগবাঢ়ি লাখুটিক ধৰিয়া আছয়।
গল গল কৰি নাম মুখে উচ্চাৰয়॥ ৩৭২
হেন বেশে ৰাজাৰ আগত ভৈলা থিয়।
হাত মেলি বোলে বাপু হৌক চিৰঞ্জীৱ॥
তুমি মহাজন কেনে আছা ইটো ঠাই।
তোমাৰ সঙ্গত দেখো একোজন নাই॥ ৩৭৩
হেনয় মহন্ত কেনে থাকা ই ৰাজ্যত।
একেশ্বৰে আছা কেনে পত্ৰৰ গৃহত॥
ইটো ঘোৰ বনবাস কৰা কি কাৰণে।
লগত সুন্দৰী দেখো আছে একজন॥ ৩৭৪
যুধিষ্ঠিৰে বোলে শুনা অপূৰ্ব সন্ন্যাসী।
পাণ্ডুবংশে জন্ম মোৰ বনে আছো আসি॥
আছয় মোহোৰ ভ্ৰাতৃ আৰু চাৰিজন ৷
নকুল সহদেৱ আৰু ভীম যে অৰ্জুন॥ ৩৭৫
দুই ভাই মৃগ মাৰিবাক প্ৰতি গৈল।
বহু দিন ভৈলা বাপু বাৰ্তা যে নাসিল॥
হেন শুনি সন্ন্যাসীয়ো দিলন্ত উত্তৰ।
মই বাৰ্তা কহো শুনা ভ্ৰাতৃ দুহান্তৰ॥ ৩৭৬
তাহাঙ্ক লাগিয়া তুমি নকৰিবা শোক।
দেখিবা অল্পতে যত দুখ খণ্ডিবেক॥
কুন্তীসুত ধৰ্মপালে সোধে যত্ন কৰি।
কৈত দেখিলাহা বুলি সোধন্ত সাদৰি॥ ৩৭৭
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৬৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
অশ্বকৰ্ণ বধ