মহাগুৰু ত্ৰিনয়ন কাল মূৰ্তি হৰ।
বৈষ্ণৱৰ মধ্যে শ্ৰেষ্ঠ নাহি তান পৰ॥
তাহাৰ চৰিত্ৰ কথা শুনি মোক্ষ পায়।
হেন জানি স্থিৰ চিত্তে শুনা মহাৰায়॥ ১১
যেন মতে ভীম অৰ্জুনক মায়া কৰি
হেমাশ্ৰয়া ৰাক্ষসী বিতলে নিলা হৰি॥
অশ্বকৰ্ণ ৰাক্ষসক যিমতে বধিলা।
যেন মতে মহেশ্বৰে তাক দেখা দিলা॥ ১২
পঞ্চ ভাই শৰে হানি কুন্তীৰ তনয়।
যিমতে মাৰিলা সব দৈত্য সেনাচয়॥
সমস্তে কহিবো ৰাজা তোমাৰ আগত।
ইটো কথা আৱে নাহি কৰিবো বেকত॥ ১৩
ভাৰতভূষণে বোলে আমি অল্পজন।
পাতালী খণ্ডৰ কথা আতি বিতোপন॥
আৰ বঢ়া টুটা দোষ ক্ষমা মহাজন।
ইহাক শ্ৰৱণ কৰিয়োক একমন॥ ১৪
মিলিবে মুকুতি পূৰ্ণ হৈবে মনস্কাম।
বৈষ্ণৱ চৰিত্ৰ কৃষ্ণনাম অনুপাম॥
হেন জানি নৰলোকে এৰা আন কাম।
পাতোক ছাড়োক ডাকি বোলা ৰাম ৰাম॥ ১৫
গোদাবৰী তীৰত পাণ্ডৱসকলৰ অৱস্থান
বৈশম্পায়ন বদতি শুনা সাৱধানে।
পাতালত কোন কৰ্ম কৰিলা অৰ্জুনে॥
স্বৰ্গত আছিলা যদি বীৰ ইন্দ্ৰ-সুত ৷
হেমন্ত গিৰিত যাই ভৈলা উপস্থিত॥ ১৬