পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ অশ্বকর্ণ বধ এতেকে কহিবো পাণ্ডৱৰ গুণচয়। তাতে কৃষ্ণ-চৰিত অমৃত মনোনয়।। ৪ জয় দিকপাল নমো কৃষ্ণ কৃপাময় । জগতৰ মোক্ষ হেতু ভৈলন্ত উদয়৷৷ কটাক্ষতে সৃষ্টি স্থিতি কোটি কোটি যাৰ ৷ হেন পূৰ্ণব্ৰহ্ম ৰূপে নৰ অৱতাৰ।। ৫ যাহাৰ চৰণ দুই ধৰি হৃদয়ত। কহিবোহো পঞ্চ পাণ্ডৱৰ কথা যত।। পাচে জন্মেজয় কথা কৰিয়া প্ৰণতি । পাণ্ডৱ-চৰিত্ৰ কথা শুনে একমতি।।৬ স্বৰ্গহন্তে আসি যেৱে বীৰ ধনঞ্জয়। তেৱে কোন বনে গৈলা পাণ্ডুপুত্ৰচয়।। কোন কৰ্ম কৰিলন্ত কোনবা স্থানত ৷ কহিয়োক মুনি শুনো পাচকথা যত ।। ৭ শুনি বৈশস্পায়নে কৰিলন্ত সাধুবাদ ৷ বোলয় নৃপতি কথা ভৈল অপ্ৰমাদ।। মহাগোপ্য কথা যে মহন্ত পাণ্ডৱৰ ৷ হেন জানি দ্বৈপায়নে কৰিলা প্ৰচাৰ।। ৮ পূর্বে এহি কথা কৈলা মার্কণ্ডেয় আগে। আমাক পঢ়াইলন্ত গুৰু যেন লাগে ।। বনপর্ব দুখ-কথা পাতালী খণ্ডৰ । শুনিবা দাৰুণ কৰ্ম ভীম অৰ্জুনৰ।। ৯ কিনো মোৰ মহাভাগ্য তোমাত কহিবো। শ্ৰীৰুদ্ৰদেৱৰ কথা গুণ প্ৰচাৰিবো।। জগততে প্ৰচাৰ হৈবেক নিৰন্তৰ। আকে শুনি ভণি তৰিবেক সব নৰ।। ১০