পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশ্বকৰ্ণ বধ (বনপৰ্ব—পাতালী খণ্ড) প্ৰস্তাৱনা পদ জয় জয় কৃষ্ণ প্ৰভু বান্ধৱ মাধৱ। ভকত-বৎসল হৰি দয়াল যাদৱ॥ হেন মাধৱৰ পদে কৰো নমস্কাৰ। ৰচিবো পাতালী খণ্ড কথা মধ্যে সাৰ॥ ১ পৰম পুৰুষ ধনঞ্জয় অৱতৰি। খণ্ডিলা ভূমিৰ ভাৰ দানৱক মাৰি॥ পূৰ্বে কৃষ্ণে পাণ্ডৱক পঠাইলন্ত বনে। খণ্ডিলা ভূমিৰ ভাৰ যত দেৱগণে॥ ২ পৃথিৱীৰ অন্তে আছে যত দৈত্যগণ। তাক অৰ্জুনৰ হাতে কৰাইলা হন॥ এহিসব কথা শিৱে বৰাহক পাই। ব্যাস মহামুনি কহিলেক ঠাই ঠাই॥৩ ইহাকেসে চাহি আমি ৰচিবো কেৱলে। মধু দধি যেন স্বাদ অতিশয় মিলে॥