ডেৱ দিয়া মহাক্ৰোধে কোব এক দিলা।
মাথা ঢুকি নপাইল মাটিত পৰিলা॥ ২৩০
মূৰ্তিমন্ত গদা ভীমে লই মহাছোটে।
কটিভাগে কোব দিলা দুৰাচাৰ গোটে॥
অৰ্জুনে বোলন্ত দাদা কিবা চোৱা আৰ।
দুৰাচাৰ ৰাক্ষসৰ চিন্তিয়োক মাৰ॥ ২৩১
কতোবেলি অসুৰৰ সুস্থ ভৈলা গাৱ।
ভাঙ্গ লৈয়া উঠিলেক নিৰুজ স্বভাৱ॥
পৰিঘা তুলিয়া কোব দিলেক ভীমক।
গদা পাতি বায়ু-সুতে নিবাৰিলা তাক॥ ২৩২
পাক দিয়া তাহাৰ পিঠিৰ পাকে যাই।
কাতিহুয়া কোবেক যে দিলেক বহুৱাই॥
দাৰুণ সন্ধানে গদা প্ৰহাৰ কৰিলা।
পিঠিক ভাঙ্গিয়া তাৰ হাড় বিদাৰিলা॥ ২৩৩
ভীমৰ প্ৰহাৰ পাই বাগৰি পৰিলা।
প্ৰাণ যাই বুলি বলে আটাসেক দিলা॥
তাৰ আটাসৰ মহাধ্বনিক শুনিলা।
তিনি গোট লোকে তাৰ শৱদে লৰিলা॥ ২৩৪
ভীম অৰ্জুনৰ জানা কৰ্ণে ধৰে তাল।
হেমা কুমাৰীয়ো ভয়ে উফৰি পৰিল॥
হেন দেখি বায়ুৰ কুমাৰ মহাৱলী।
শ্ৰুতি এৰি খেদি গৈলা গদাগোট তুলি॥ ২৩৫
আলাসতে ডেৱ দিয়া প্ৰহাৰ কৰিলা ৷
থাচ্ কৰি ৰাক্ষসৰ মাথাক ভাঙ্গিলা॥
সত্তৰি যুগৰ বুঢ়া ত্ৰিশিৰা ৰাক্ষস ৷
ভীমসেনে তাক মাৰি ৰাখিলেক যশ॥ ২৩৬
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৪৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
অশ্বকৰ্ণ বধ