দণ্ড ধৰি খেদি আহে ঘোৰ নিশাচৰে।
ঘাৱবিষে দুখ মোৰ ভৈল বহুতৰে॥
যদি মোক হেমা জল নেদিবে মাথাতে।
আগে মৰি গৈলো হই অৰ্জুন থাকাতে॥ ২০১
তথাপিতো তাপ মই সহিবে নপাৰো।
ভ্ৰাতৃ-শোক অগনিত কেনমতে তৰো॥
এহিমতে দুখ শোক কৰে বৃকোদৰ ৷
ৰাক্ষসে মাৰিবে আসে ভীমক সত্বৰ॥ ২০২
মহাক্ৰোধে মাতে উচ্চে ঘোৰ নিশাচৰে।
তোৰা দুইকো আনিলো ভূঞ্জিবাক তৰে॥
সৰুগোট আছাৰতে কতবা মৰিল।
মোহোৰ নখৰ ঘাৱে তই কেনে জীল॥ ২০৩
মাথাক কামুৰি তোৰ গাৱ চোবাইবো।
কতবা দিনৰ মই তৃপিতি পলাইবো॥
ডাঙৰ মনুষ্য তই পিবোহো ৰুধিৰ ৷
মই সমে কৰা যুদ্ধ দেখো কেনে বীৰ॥ ২০৪
এহি বুলি ৰাক্ষসে ভীমক খেদি যাই।
তোৰ আজি ভাঙ্গিবোহো কেনে মুনিষাই॥
বৈশস্পায়ন বদতি শুনা জন্মেজয়।
তেখনে আসিলা সিটো বীৰ ধনঞ্জয়॥ ২০৫
ভ্ৰাতৃক দেখিয়া বায়ুসুত মহাবলী।
মনত কৌতুক কৰি হাসে খলখলি॥
হায় বাপু তোমাৰ দুখত প্ৰাণ যায়।
কিমতে জীৱন তোৰ ৰহিলেক ভাই॥ ২০৬
ধনঞ্জয় বোলে দাদা ই কথা থৈয়োক।
গদা ধৰি ঘোৰ নিশাচৰ মাৰিয়োক॥
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৩৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
অশ্বকৰ্ণ বধ