সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অশ্বকৰ্ণ বধ

অশ্বকৰ্ণৰ লগত ভীম-অৰ্জুনৰ যুদ্ধ

বৈশস্পায়ন বদতি শুনা জন্মেজয়।
কতো বেলি যান্ত পাচে কুন্তীৰ তনয়॥
ৰাজাৰ নগৰখান কৰে জাতিষ্কাৰ।
হীৰা মণি মৰকতে কৰে চমৎকাৰ॥ ১৯৫

তাৰ মাজে মাজে বীৰে কৰন্ত গমন।
খসি পৰি আছে দেখা বহু ৰত্ন ধন॥
অনন্তৰে ৰাক্ষসক দেখিলেক যায়।
দণ্ডহাতে ভীমক যে মাৰিতে আসয়॥ ১৯৬

সি গোটক আছাৰিলো নাপালো খাবাক।
আধা মৰা কৰি ম‍ই চোবাইবো তোক॥
হেন শুনি বায়ু-সুতে মাথা তুলি চাই।
বোলে মৰিলন্ত মোৰ ধনঞ্জয় ভাই॥ ১৯৭

আমাক মাৰিবে আজি ঘোৰ নিশাচৰে।
এতমানে লটিঘটি কৰিলা ঈশ্বৰে॥
এহিস্থানে মোক যদি ৰাক্ষসে মাৰয়।
দুই ভাই মৰি যাবো যমৰ নিলয়॥ ১৯৮

ম‍ই যদি মৰো আজি ইহাৰ হাতত
ধৰ্ম-নৃপতিক বাৰ্তা কহিবো কিমত॥
যদি ৰাক্ষসক বধি পাৰোলো ফিৰিতে।
অৰ্জুনৰ মৃত্যুকথা কহিবো কিমতে॥ ১৯৯

সুধিবন্তনৃপতি মোহোৰ মুখ চাই।
কোন স্থানে এৰিলাহা ধনঞ্জয় ভাই॥
কি বুলি উত্তৰ তাঙ্ক দিবোহো সন্মুখে।
শৰীৰ দহয় মোৰ ইটো মনদুখে॥ ২০০