মুনিয়ে বোলন্ত জন্মেজয় মহামতি।
অন্তৰি ৰহিলা হেমা ভয় হুয়া আতি॥
ক্ৰোধৰ বেগত যেন ৰাক্ষস দুৰ্বাৰ।
আনয় পৰিঘা যেন লাখুটি তাহাৰ॥ ১৭০
দীৰ্ঘে ষোল হাত হোৱে সদৃশ বজ্ৰৰ।
দাৰুণ দুৰ্জয় তাক দেখি গুৰুতৰ॥
হেন মহা পৰিঘা ধৰিয়া মহাবেগে।
ভীমক খেদিয়া যায় মাৰিবাক ছেগে॥ ১৭১
পৰিঘা কোবাই আজি তিনিকো মাৰিবো।
আমাৰ আগত বৰ মানুষ বোলাবো॥
এহি বুলি পৰিঘা ধৰিয়া খেদি যায়।
অৰ্জুনে বোলয় দাদা মোহোক কোবায়॥ ১৭২
ভীমে বোলে বাপু মোৰ কোন বুদ্ধি নাই।
অস্ত্ৰ শস্ত্ৰ শূন্য হাত মোৰ কি হৈবো উপায়॥
শুধা হাতে বাপু আমি কিমতে যুজিবো।
অৱশ্য জানিলো আজি মৰণ মিলিবো॥ ১৭৩
অৰ্জুনৰদ্বাৰা বৰাহ-বিষ্ণুৰ গদাৰ সংবাদ প্ৰদান
অৰ্জুনে বোলয় দাদা কহো এক কথা।
বৰাহ-বিষ্ণুৰ গদা আছে এক এথা॥
ডাঙ্গৰ দীঘল গদা পৰ্বত আকাৰ।
দেখিলেক মাত্ৰকে শ্ৰুতি নথাকে গাৱৰ॥ ১৭৪
বিশ্বকৰ্মা স্ৰজিয়াছে পৰম যতনে।
বজ্ৰ লৌহময় সাজি আছে ইটো থানে॥
দিন ৰাতি নজানয় সূৰ্য্যসম জ্বলে।
চাহিয়া থাকিলে যেন গতি কৰি চলে॥ ১৭৫