সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অশ্বকৰ্ণ বধ

দেখি কুন্তীসুত বীৰে বাহু তুলি বৰ
তাহাৰ হিয়াত কোব দিলন্ত ডাঙ্গৰ॥ ১৪৭

ভীমৰ বিষম কোবে কম্পিল হৃদয়।
তাহাক দেখিয়া অশ্বকৰ্ণেও গৰ্জয়॥
কিনো মনুষ্যৰ শিশু বলত দুৰ্জয়।
ইহাৰ হাতত আজি মিলিল প্ৰলয়॥ ১৪৮

পূৰ্বে মোৰ ছিদ্ৰ থৈলা মনুষ্যৰ হাতে ৷
মৰণ মিলয় জানো ইহাৰ হাততে ৷ ৷
এহি মনে শুনি ক্ৰোধে আগবাঢ়ি যায়।
ভীমৰ হাতত পাচে ধৰিলা জম্পায়॥ ১৪৯

টানি টানি কৰি বীৰে এৰাইতে নপাৰি।
মাৰিলা চাপৰ পাচে ধৰি দৃঢ় কৰি।
ত্ৰিশূল সদৃশ তাৰ নখ বাঢ়িছয়।
বখালি ফেলিলা পাচে ভীমৰ হৃদয়॥ ১৫০

গিৰ গিৰ ৰুধিৰ বহয় ধাৰাসাৰ।
শৰীৰৰ বিষে আতি দেখে অন্ধকাৰ॥
এৰিতে নপাৰি তাৰ হাত বজ্ৰ সম ৷
মৰ্মস্থানে তাক লাঠি মাৰিলন্ত ভীম॥ ১৫১

ভাঙ্গি গৈলা কোষ তাৰ এৰিলা হাতৰ
বিষৰ জালত কম্পে সৰ্ব কলেৱৰ॥
ধৰফৰ কৰি সিটো অন্তৰে ৰহিলা।
নখাঘাতে ভীমৰ যে শৰীৰ ব্যাপিলা॥ ১৫২

দুয়োজনে অন্তৰীয়া বিদূৰে ৰহিলা।
মনে মনে গুণে ভীমে বিষম মিলিলা॥
এতহন্তে ধনঞ্জয় পালটি আসিলা।
পৰি আছে বৃকোদৰ তাহাক দেখিলা॥ ১৫৩