অনন্তৰে অন্তৰীক্ষে বৰাহ মুৰাৰি।
অৰ্জুনক মাতিলন্ত দেৱমায়া কৰি॥ ১৪১
যি বুলিলা কুন্তীসুত সাৰ্থক জীৱন।
তোমাৰ বচনে মোৰ ৰঙ্গ ভৈল মন॥
এহিসে কাৰণে তোমাসাৰ অৱতাৰ।
আমি তাক জানিলোহো কি বুলিবো আৰ॥ ১৪২
দিলোহো শকতি গদা লৈবো ভীমসেনে।
সমৰৰ বেলা মই দিবোহো আপুনে॥
এহিবুলি মৌন ভৈলা বৰাহ মুৰাৰি।
অৰ্জুন বোলয় আৱে শুনাহা কুমাৰী॥ ১৪৩
আহা আমি চলি যাও সিদ্ধি প্ৰয়োজন।
কৰযোৰ কৰি হেমা বুলিলা বচন॥
ৰাজাৰ কুমাৰী মই কন্যা উশীনৰ।
মোক দাসী কৰা এবে পাণ্ডুৰ কুমাৰ॥ ১৪৪
অৰ্জুনে বোলয় কথা নকহিবি আৰ।
ৰাক্ষসক মাৰি সবে সাধো প্ৰতিকাৰ॥
পূৰ্ব্বতে হেমা গৈয়া পালা সেহি ঠান।
ভীম অশ্বকৰ্ণে তৈত কৰন্ত সন্ধান॥ ১৪৫
ভীম-অশ্বকৰ্ণৰ যুদ্ধ
জন্মেজয় বোলে গুৰু সন্তুষ্ট হইয়া।
কহা আগে দুই বীৰে কি কৰিলা গৈয়া॥
তাক কহিয়োক মোক শুনো ৰঙ্গ মনে।
মহা পুণ্য কথা পাণ্ডৱৰ গুণ গানে॥ ১৪৬
শুনা মহাৰাজ জন্মেজয় মহীপাল।
স্তম্ভৰ কোবত ৰৈলা ৰাক্ষস বিশাল॥
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/২৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
অশ্বকৰ্ণ বধ