শঙ্কৰৰ পাশে যদি গদা ধনু পাই।
তৈৰ হন্তে আনি কিনো উৰুৱাইবো ছাই॥ ১২৩
যি কহিলা সত্য কথা আমাৰ আগত।
দাৰুণ ৰাক্ষস বধ যাইবে কেনমত॥
আন কোন হেতু যদি জানাহা সুন্দৰী।
তাহাৰ কাৰণ মোত কহা নিষ্ঠ কৰি॥ ১২৪
হেমাৰ দ্বাৰা অৰ্জুনৰ আগত বৰাহ-বিষ্ণুৰ
গদাৰ সংবাদ কথন
বৈশ্যস্পায়ন বদতি শুনা জন্মেজয়।
ৰাজাৰ কুমাৰী হেমা অৰ্জুনে কহয়॥
শুনিয়োক দেৱ এক কহো গোপ্য কথা।
অসুৰ সংহৰি পাচে যেন ভৈল কথা॥ ১২৫
সহস্ৰ বৎসৰ মানে ঘোৰ যুদ্ধ ভৈল।
তথাপিতো অসুৰৰ বল নুটুটিল॥
দৈত্যভয় নাশ হেতু বৰাহ মাধৱে।
অৱতৰি মাৰিলেক দৈত্য গদা ঘাৱে॥ ১২৬
দৈত্যক বধিয়া পাচে গৈলা নাৰায়ণ।
ৰহিলেক গদাখান পৰি সেই স্থান।।
আমাৰ পিতৃয়ে পাচে সেহি গদা পাই।
ইথানত থৈয়া আছে গৃহক সজায়॥ ১২৭
কিন্তু তাক দাঙ্গিবাক শক্তি কাৰো নাই।
ষাঠি অৰ্বুদেক লোকে আনিছে ইঠাই॥
পূজা দিয়া পিতৃ গৃহ সাজিয়া ৰাখিলা।
এহিকথা পূৰ্বে পিতৃ আমাত কহিলা॥ ১২৮
পৰম ৰহস্য কথা কেহো নজানয়।
তোমাৰ আগত ইটো কহিলো নিশ্চয়॥