মনুষ্যৰ নাৰী হুয়া আছাহা বেকত।
কি কাৰণে হেন কাৰ্য্য কৰিলি সতত॥
হেমা বোলে প্ৰভু এৱে কহো কথা সাৰ ৷
যতেক আছয় সব কহিবোহো আৰ॥ ৭৩
ভূমিতলে আছে দৈত্য দানৱসকল।
বৰ বৰ বীৰসব যুৱত সবল॥
অশ্বকৰ্ণ নামে এহি ৰাক্ষস দুৰ্বাৰ।
বিধবা ব্ৰাহ্মণী গৰ্ভে জনম তাহাৰ॥ ৭৪
দৈত্যৰ ঔৰসে ব্ৰাহ্মণীত জন্ম তাৰ
শঙ্কৰক অশ্বকৰ্ণে পূজিলা বিস্তাৰ॥
তান্ত বৰ পায়া আছে ত্ৰৈলোক্য জিনিতে।
কাৰো হাতে বধ তাৰ নাহি কদাচিতে॥ ৭৫
তাৰ মৰণৰ ছিদ্ৰ মনুষ্যত থৈলা।
এহিমতে কথা তাৰ শুনা যেন ভৈলা॥
নৰ নাৰায়ণে ভাৰ হৰিবাক তৰে।
যিকালত ভাৰতত আসি জন্ম ধৰে॥ ৭৬
সিসবৰ হাতে তাৰ মৰণ হৈবক।
এহি বৰখানি ছিদ্ৰ শঙ্কৰে থৈলেক॥
দৈত্যৰ পুৰীত সিটো ৰাজা হুয়া ৰৈলা।
বৰ পায়া দুৰাচাৰ কাকো নগণিলা॥ ৭৭
বলে জিনি দৈত্য দানৱক বিনাশয়।
বৰৰ প্ৰভাৱে সিটো কাকো নগণয়॥
সব দৈত্য বীৰগণ একমতি কৰি।
যুদ্ধক ডাকিলা অস্ত্ৰ-শস্ত্ৰে শীঘ্ৰ কৰি॥ ৭৮
সেহি ৰণে বহুত যে দৈত্য বধ ভৈল।
বৰ বৰ দানৱ সবৰ মৃত্যু হৈল॥
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/১৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
88
অশ্বকৰ্ণ বধ