সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৪ অশ্বকৰ্ণ বধ অনন্তৰে পাচে কৃষ্ণ কৃষ্ণ স্মৰি যুধিষ্ঠিৰ নৃপৰায়। ক্ষণে যুগ বহি যায়॥ ৬০০ দেখিলন্ত গৈয়া বসিয়া আছন্ত হেন সময়ত মায়া মহাবীৰ তাসম্বাক ভেন্টিলেক। আদি অন্ত যত শিৱৰ বচন নৃপতিক কহিলেক॥ সাধু সাধু ৰাজা পাণ্ডুৰ তনয় বৈষ্ণৱৰ সাৰোতৰ প্ৰাণ পৰিশ্ৰমে লোকক ৰক্ষয় কাৰ্য্য এহি মনুষ্যৰ॥ ৬০১ দেৱৰ আদেশে তোমাসাৰ দুই ভ্ৰাতৃক আনিলো যায়। মহাভাৰ দূৰ কৰিবাক অৰ্থে আনিলো হেমা পঠায়॥ অনন্তৰে পাচে মায়া মহাযশ দেৱৰ শুনি আদেশ। শীঘ্ৰ গতি কৰি আপুন থানত ভৈল যায় পৰবেশ॥ ৬০২ মুনিয়ে বোলন্ত শুনা জন্মেজয় ৰাজা জিষ্ণু বায়ুসুত। যুধিষ্ঠিৰ ৰায় ভ্ৰাতৃক দেখিয়া আনন্দ ভৈল বহুত॥