এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অশ্বকৰ্ণ বধ ত্ৰিনয়ৰ বৰদান আৰু উপদেশ হেন শুনি পাচে দেৱ ত্ৰিনয়নে বোলে দুহান্তক চাই। আৰো বৰ যেহি খোজা তাকে দিবো তোমাসাৰ দুই ভাই॥ ৫৯৭ ই তিনি লোকত তুমি দুহাত্তৰ কিঞ্চিতো অসাধ্য নাই। কৃষ্ণৰ চৰণে তোমাসাৰ ভক্তি নুগুচোক সৰ্বদায়॥ শঙ্কৰৰ আদেশত মায়াৰদ্বাৰা ভীম-ধনঞ্জয়ৰ পৃথিৱীলৈ প্ৰত্যাগমন আৰু যুধিষ্ঠিৰৰ আগত অদ্যোপান্ত কথা বৰ্ণন মায়াক চাহিয়া শঙ্কৰে বোলয় শুনিয়ো মোৰ বচন। যি কালত ৰাজা হোৱে হস্তিনাত পাণ্ডু পুত্ৰ পাঞ্চজন॥ ৫৯৮ এহি হেমা কন্যা অৰ্জন বীৰক তুমি নিয়া যোগাইবাহা। ভীম-অৰ্জুনক যুধিষ্ঠিৰ ৰাজা আগতে গৈয়া দিবাহা॥ এহি শুনি পাচে মায়া মহাৱলী বিমান আনি তেখনে ভীম-ধনঞ্জয় প্ৰণামি হৰক উঠিলা তৈত তেখনে॥ ৫৯৯ মহাযোগময় বিমানত চৰি কৰিলা গতি সত্বৰ। ছয় পৰে যায় পৃথিৱী উঠিলা না যে ছয় মাসৰ॥ ১৩৩