019 দেখি মোক কৈছিল— “ it's like London fog." লওণৰ কুঁৱলী মই দেখা নাই, তেনে কুঁৱলী যে কলিকতাতো হব পাৰে ধাৰণাও কৰা নাছিলো। ইয়াৰ এই তৰা বছা আকাশ দেখিলে ইয়ৰ্কৰ হোটেলত থাকি নেপলছৰ আকাশ দেখা যেন পাবা কিজানি। এইটো মোৰ ইউৰোপীয় অনুমান। তুমি ভাবিবা যে মই অকল ৰ'দ থকা সময়ৰ হে বৰ্ণনা দিছো। ষুণ মই আহিবৰ পৰা বেছিকৈ হোৱা নাই, সেই কাৰণে সেই বিষয়ত অভিজ্ঞতা কম। দুই এদিন বৰষুণৰ বতৰো পাইছো, তেনেই কবিতাহীন নহয়। ইয়াত বেছিকৈ গাজি ৰষুণ নেপেলোৱাকৈ নাথাকে, বৰষুণৰ আটোপ হলেই সিৰসিৰকৈ কেটোপমান পেলাবই, বৰং বহুত সময়ত মানুহক সতৰ্ক নকৰাকৈয়ো বৰষুণ পেলায়। মোৰ এদিনৰ অভিজ্ঞতাৰ কথা কওঁ। সিদিনা দুপৰীয়া ভালকৈয়ে বৰষুণ হৈছিল, আবেলি বতৰ ফৰকাল হৈছিল কেৱল অলপ চেঁচা বভাহ আছিল। মই দুপৰীয়াতে ওলাইছিলো হাতত ছাতি লৈ—গধূলি ঘৰলৈ খোজ লৈছে৷ প্ৰায় উলাহতে হাতৰ ছাতি ঘূৰাই। কাঞ্চিষ্ট্ৰেছ বোলে সেই খিনিক, তাতে সৰসৰাই বৰষুণ আহিবলৈ ধৰিলে। মই ছাতি মেলো নে নেমেলোকৈ মেলিলো, দুখোজ গৈয়ে দেখো—এজন ভদ্ৰলোকে নিজৰ ওভাৰকোটটোক মেলি এগৰাকী মহিলাক বৰষুণৰ পৰা ৰক্ষা কৰিব খুজিছে,—বোধ হয় তেখেতৰ পত্নীক। মই ছাতিটো তেখেতসকলক দিওঁ দিওঁ যেন লাগিল—কিন্তু বয়স প্ৰায় আমাৰ ওচৰা ওচৰি দেখি দিবলৈ সাহ নকৰিলো। অলপ কম বা বেছি হোৱা হেঁতেন মোৰ ছাতিটো দিয়াত কুণ্ঠাবোধ নকৰিলো
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭৭
অৱয়ব