সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- এটা আনন্দৰ উচ্ছ্বাস বতাহত ধৰিব পাৰিবা। গধূলি যেতিয়া গোটেইখন ছিলঙ আন্ধাৰে গ্ৰাস কৰিব, তেতিয়৷ দূৰে দূৰে থকা বিজুলী চাকিবোৰে আঁতৰত থকা অন্ধকাৰ আৰু গাঢ় কৰিব। তেতিয়া তুমি -ইচ্ছা কৰিলে গৃহিণীসকলৰ কাৰ্য্যতৎপৰতালৈ এবাৰ চকু কৰিব পাৰা, অথবা সৰু সৰু ল'ৰা-ছোৱালীবোৰে বয়সিয়াল দেউতাক সকলৰ ডিঙ্গিত সাৱট মাৰি ধৰা সৌন্দৰ্য্যলৈ তোমাৰ চকু খন্তেকলৈ নিব পাৰা। তোমাৰ সন্দেহ হব পাৰে, মই বয়সিয়াল দেউতাক সকলৰ কথা কিয় কলো, - ডেকা দেউতাক সকলৰ ল'ৰা-ছোৱালীয়ে তেওঁলোকক সাৱটি নধৰে নেকি? ধৰে, কিন্তু এওঁলোকে ল'ৰা-ছোৱালীৰ হাত সোনকালে এৰুৱাই দিয়ে, পাৰিলে চাকৰৰ হাতত বজাৰ কৰি দি এওঁলোকৰ সোনকালে ক্লাবলৈ যোৱাৰ মন। তাত খেলা আছে। নহলে কোনোবা বন্ধুৰ ভাত গৈ দুষাৰ কথা কব। ডেকাসকলৰ ভিতৰতো কিছুমানৰ বুঢ়াৰ অভ্যাসৰ আছে অৱশ্যে। তুমি যদি চেঁচা লাগিব বুলি বাহিৰৰ পৰা নৈঃসৰ্গিক সৌন্দৰ্য চাব নোখোজা, ঘৰৰ ভিতৰলৈ আহা। পিৰালিৰ পৰা বা খিৰিকিয়েদি আকাশলৈ চোৱা—a tropical sky in a cold -country! মোৰ ইংৰাজীত ভাব ক্ষুণ কিয় হল তুমি সুধিব পাৰা ছিলঙখন আধা চাহাবৰ দেশ, ইয়াত সৰহভাগ মানুহে ঠেঙা মোজা লগায়, হেট কোট পিন্ধে। ইয়াৰ স্থানীয় শিক্ষিত মানুহবোৰে ইংৰাজীত কথা কয়, গধূলি ডেকাবোৰে ফেণ্ট হেট পিন্ধি ফুৰিবলৈ 'ওলায়, ইৰাত ইংৰাজী নামাতি মাতিবা ক'ত? ম‍ই কলিকতাত থকা দিনত বিলাতৰ পৰা ফুৰি অহা এজন বন্ধুৱে এদিন ৰাতিপুৱা কুঁৱলী