এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 30 ) বিশ্বনাথ অলকা, মফস্বলৰ তোমাৰ চিঠিখন পোৱাত মোৰ দুদিনমান পলম হৈছিল। পৰা ঘূৰি আহিহে তোমাৰ চিঠি পালো আৰু ভাত-পানী খাই উঠি সিদিনাই তোমালোকৰ ঘৰলৈ গলো। দেউতাৰাৰ গা বেয়া সঁচা কিন্তু তুমি যিমান উদ্বিগ্ন হৈছা নৰিয়া তিমান শকত নহয়। মই পৰীক্ষা কৰি চাইছো আৰু তোমাক সাহ দি কব পাৰোঁ যে লোকে যেয়ে -নক’ক তুমি বিশ্বাস নকৰিবা। মই নিজে ডাক্তৰ হলেও তোমাক কবলৈ বাধ্য যে বহুত চিকিৎসকে ৰোগীৰ আচল অসুখতকৈ মুখতে অলপ বঢ়াই কয়— হয় ভবিষ্যতে নৰিয়া ভাল নহলে নিজৰ গাত দোষ নেপেলাবলৈ অথবা নিজে কিমান ডাঙৰ কাম কৰিলে তাৰে গুৰুত্ব বুজাবলৈ। অৱশ্যে গৃহস্থেও তেতিয়া হলে সেৱ৷ শুশ্ৰূষাত অলপ বেছি সতৰ্ক হয়। মোৰো ধাৰণাত ডাক্তৰৰ তেনে ভয় দেখুওৱা কথা শুনিহে তোমাক মাতি টেলিগ্ৰাম কৰিছিল। মাৰাই মোক ভিতৰুৱাকৈ হুধিছিল যে তোমাক মতাই আনিব লাগিব নে নালাগে। তুমি অহাৰ ৬৩