এজনে ভাল পোৱাত বা শ্ৰদ্ধা কৰাত আজি যেন মই সঁচাকৈ আনন্দ পাইছে৷। মোৰ ভিতৰত যি দুজন মানুহে নিজৰ নিজৰ কৰ্ম্মক্ষেত্ৰৰ পৰিসৰ বঢ়াবলৈ অসন্তুষ্ট অথচ শান্ত বেশে বহি আছিল তাৰে ভিতৰত এজনৰ আত্মাই জানিছে যে আজি তেওঁৰ যাবৰ বেলি হল। মই তেওঁৰ যোৱাত কষ্ট পামনে,—কিজানি? আশা কৰে। তেৱোঁ পাহৰিব, ময়ো পাহৰিম। পাহৰণিয়ে জগতৰ সান্ত্বনা। মই যেন অলপ সৱল হওঁ, তেওঁক গতিয়াই দিওঁ। মোৰ নিজৰ ওঠ খঙত কঁপা নিশ্চয় দেখিবলৈ বিৰূপ হব। ওঠ নহয় খঙত শুকায়, অন্তৰ শুকায় কিহত? মানুহে যে অন্তৰত জুই উঠাৰ কথা কয়, শুকাই শুকাই কক্ষতা বেছি হলেই জুই উঠে নেকি? তোমাৰ আগত আজি মোৰ দুৰ্ব্বলতাৰ কথা কবলৈ যেন লাজ লাগে। অলপমান কপটতাই মই নজনাকৈ সাহ দিয়াহেঁতেন কিজানি অভিনৱ নিস্বাৰ্থতাৰ আড়ম্বৰেৰ তোমাৰ আগত মোৰ যোগ্যতাৰ ছবি দাঙি ধৰিলোহেঁতেন। মানুহে অৱস্থাৰ ওপৰ উঠিব নোৱাৰে নেকি? ইচ্ছা হয় সুধিবলৈ, কোন তেওঁ। নকবা, কিজানি টান পাওঁ। পঢ়া শুনাত কেনে কৰিছা? মোৰ ইয়াৰ ফুলগছবোৰত ফুল ধৰিছে। হলে দেখি ভাল পালা হয়। মন নুবুজে। ইতি কেতিয়াবা তুমি অহা পাৰিপাৰ্শ্বিকতাই বোধ হয় মানুহৰ চিৰন্তন— প্ৰকাশ ৬২
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৫৮
অৱয়ব