আজিকালিৰ ঘৈণীবোৰে বিছনাত নবহে ) যেতিয়া মূল্য বঢ়াবলৈ কব— “মই যাওঁ গৈ,” মই আদৰ কৰি কম—“শুনা, শুনা,—এটা কথা আছে।” “আপোনাৰ সদায় শুনা, শুনা,—কথা হলে একো নাই”–তেওঁ গপতে কব। “বুজিছা, হাস্পাতালত এজনী ছোৱালী আছিল, — ধুনীয়া”—মই আৰম্ভ কৰিম। অজানিতে তেওঁৰ হৃদয়তন্ত্ৰীত ঈৰ্ষ্যাৰ আঘাত পৰিব। “আপোনাৰ ওচৰত সকলো ছোৱালীয়ে ধুনীয়া হয়”—এই বুলি তেওঁ ঠাট্টা কৰিবলৈ চেষ্টা কৰিব। “ভোকত সকলো খাই সোৱাদ”—এই বুলি কবলৈহে পাম, তেওঁ চকিত নিগাজী হব। তুমি কব পাৰা, আপোনাৰ ঘৈণীয়েকৰ কথা মোক লাগিছে কেলেই? লাগিব পাৰে, কথা আছে। তোমাক ঠাট্টা কৰে৷ কিয়, তুমি ভাল বুলিয়ে ইমানবোৰ স্থবিধা লৈছো। বাক, কলেজৰ কথা পাতোঁ। আমাৰ দিনৰ নিচিনাকৈ তোমা- লোকৰ এতিয়া কলেজত টিউট'ৰিয়েল আছে নে? মাহিলী পৰীক্ষা? মাহিলীৰ কাৰণে আমি জুৰুলা হৈছিলো। টিউট’বিয়েলবোৰ আছিল অধ্যাপকসকলৰ কথা পতা ক্লাছ বহুত সময়ত তেওঁলোকক নিচেই ওচৰত পোৱা গৈছিল। মাহিলী পৰীক্ষাই হলে বহুত ভাল ল'ৰাকে। অনিয়মীয়া হলে সৰ্ব্বনাশ কৰিছিল। অৱশ্যে সৰ্ব্বসাধাৰণক নিয়মীয়া হোৱাত সহায় কৰিছিল। আজিকালি সময়ৰ যেনেকৈ পৰিৱৰ্ত্তন হৈছে তাতে তোমালোকৰ আগমনত এইবোৰ হাঁহাকাৰ কলেজ-জগতৰ পৰা উঠি যাব পায়, যদি যোৱাও নাই যাব, মই ইয়াৰ পৰাই কৈছো। ৫২
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৪৮
অৱয়ব