এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( > ) বিশ্বনাথ অলকা, তোমাৰ চিঠি পাই বৰ আশ্বাস পালো। তুমি ইমান খাতাংকৈ অলপ কথাতে দেউতাৰাক এনেকৈ সমিধান দিব পাৰিবা বুলি মই ভাবিব পৰা নাছিলো। তোমাক ধন্যবাদ দিম নে? কাৰ তৰফৰ” পৰা? এটা কথা কিন্তু, তুমি ইয়াৰ দ্বাৰাই ভবিষ্যতলৈ ডাঙৰ বিপদে! আহ্বান কৰিব পাৰা। এই আনন্দৰ সময়ত জ্ঞানী হবৰ সময় নাই। মোৰ চকুত চকুলোৰ যি ডাঙৰ টোপালটো পৰো পৰোঁ হৈ ৰৈ আছিল তোমাৰ চিঠি পঢ়াৰ লগে লগে আনন্দৰ শিহৰণত হয় চকুৱে পুনৰ তাক টানি ললে, নহয় বাষ্প হৈ ব্যথিত সন্ধানত উৰি গল। ধুনীয়া ছোৱালী! হাস্পাতালৰ কথা তোমাক কব লাগে? নকওঁ, তোমাক এতিয়াও সাধু কবৰ সময় আছে নে? বুঢ়ী হৈছা। যদি কওঁ কেতিয়াবা মোৰ ঘৈণীক কম। মই দুধ ভাগৰত আহি বিছনাত কাটি হৈ শুম, তেওঁ কাষতে বহি — ( চকিত বা মুঢ়াত বহিব অৱণ্ডে, ৫১