সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইঞ্জিনিয়াৰ গ্ৰেডত কনফাৰ্মড হৈছে, ভাল গ্ৰেড। ডিগবই ঠাইও বেয়া নহয়। মাহতহে আহিবা? তোমালোক ঘৰলৈ আহিলে মে নে জুন তোমাক এবাৰ লগ পাবলৈ ইচ্ছা গৈছে। কলেজত পঢ়ি চাগৈ ধুনীয়াটী হৈছ৷,—কপৌ নে দল-পোৱা নে ধুপুনী চৰাইটীৰ দৰে হৈছা? বহুতে হেনো তাত আগৰ খোজ পাহৰি নতুন খোজ ধৰে আৰু ঘৰচিৰি- কাৰ দৰে জঁপিয়াই জঁ পিয়াই খোজ কাঢ়ে? তোমালোকৰ কমালৰ গোন্ধত চাগৈ গুৱাহাটীৰ খোল৷ নালাৰ ঠাইবোৰ মলমলাই গৈছে। কলেজৰ ল'ৰাবোৰক চাগৈ আগতকৈ পৰিষ্কাৰ চোলা পিন্ধাইছা তোমালোকে। হাতেৰে পিন্ধোৱা নহয় অৱশ্যে, তোমালোকেই তাৰ হেতু হৈছা। কামিজৰ হাতবোৰ কোঁচাই লৈ হাতঘড়ীটো সুস্পষ্টকৈ উলিয়াই লৈ কলেজৰ ঘণ্টা পৰা স্বত্বেও তোমালোকৰ পাছে পাছে তেওঁলোকে ধীৰ খোজত ইটে৷ ব্লকৰ পৰা সিটো ব্লকলৈ আহোতে, কাৰো কাৰো হাতত বা ছাইকেল থকা স্বত্বেও, নিৰ্বিঘ্নে দহোটা মিনিট সময় কটাই দিছে? হাইতালৰ জাক এটা শূন্যত ওপঙি অহাৰ দৰে তোমালোকেও এওঁলোকৰ এড মিৰেছনৰ আকাশ ছানি ধীৰে ধীৰে আহি ক্লাছত সোমাই ৰৈ থকা ডেকা প্ৰফেছৰসকলক প্ৰফুল্ল কৰিছা আৰু বুঢ়াসকলক অবাধ্য আঁচলৰ পতাকাৰে অনিচ্ছাতো জাননী দিছা যে পুৰণি মৰি নতুন আহিল, — 'নতুন-অৰ্ডাৰ'ৰ প্ৰতিষ্ঠা হবৰ হল। মই এতিয়া কালাজ্বৰ ডিউটিত। ৰোগীবোৰ সৰহ ভাগেই বাগিছাৰ বহুৱা। অসমীয়া গাৱঁলীয়া মানুহো আছে। কামৰ সময়ত ধেমালি